Road accident in Tezpur: তেজপুৰত পথ দুৰ্ঘটনাত নিহত এজন, ৰাইজে জ্বলালে ডাম্পাৰ

By ETV Bharat Assamese Team

Published : Oct 14, 2023, 8:06 PM IST

thumbnail

তেজপুৰ, ১৪ অক্টোবৰ: তেজপুৰ সোনাবিলৰ মালিজানত আজি সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা । এখন ডাম্পাৰৰ খুন্দাত এজন চাইকেল আৰোহীৰ থিতাতে মৃত্যু হোৱাক কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ।  

ৰামলাল ঘটোৱাৰ (৬০) নামৰ চাইকেল আৰোহীজনৰ মৃত্যু হোৱাৰ পিচতেই ৰাইজে পথ অৱৰোধ কৰে । দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিচত স্থানীয় ক্ষুব্ধ ৰাইজে জ্বলাই দিয়ে ডাম্পাৰখন । আনহাতে, স্থানীয় ৰাইজে মালিজান চাহ বাগিচাখনলৈ যোৱা পথটো বন্ধ কৰি আৰক্ষীক প্ৰবেশতো বাধা প্ৰদান কৰে । স্থানীয় ৰাইজে ডাম্পাৰৰ চালকজনক উত্তম-মধ্যম শোধোৱাত শিঙিতলিৰ আলাল উদ্দিন নামৰ ২৮ বছৰীয়া চালকজন সংকটজনক অৱস্থাত তেজপুৰ ই এম এম মেম'ৰিয়েল চিকিৎসালয়খনৰ আই চি ইউত ভৰ্তি কৰোৱা হয় ।

লগতে পঢ়ক:Minister Ranoj Pegu: কেৱল মুক্ত আৰু দূৰ শিক্ষাক গুৰুত্ব দিলে বিঘ্নিত হ'ব সমগ্ৰ শিক্ষা ব্যৱস্থা : শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগু

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.