Teenagers Lathi Nritya performance: কলিয়াবৰত গীতৰ তালে-তালে কিশোৰ-কিশোৰীৰ লাঠি নৃত‍্য প্ৰদৰ্শন

By

Published : Mar 13, 2023, 2:08 PM IST

thumbnail

কলিয়াবৰ, 13 মাৰ্চ : ফাকুৱাৰ সমান্তৰালভাৱে কলিয়াবৰত আৰম্ভ হয় লাঠি নৃত‍্যৰ ৷ কলিয়াবৰৰ আদিবাসী লোকসকলে প্ৰদৰ্শন কৰে এই লাঠি নৃত‍্য। বিশেষকৈ চাহ জনগোষ্ঠীৰ আদিবাসী লোকসকলে লাঠি নৃত‍্যৰ জৰিয়তে ফকুৱাৰ দিনটোৰ পৰা স্থানীয় অঞ্চলটোৰ লোকসকলৰ চোতালে-চোতালে গীত গাই নৃত‍্য পৰিৱেশন কৰে (Tea tribe people folk culture)। 

পৰৱৰ্তী সময়ত সমীপৱৰ্তী গাঁওসমূহতো সদল-বলে গীত আৰু নৃত‍্যৰে ফাকুৱাৰ আনন্দ বিলাই কং-ৰহইচ কৰে এই সম্পদায়ৰ লোকসকলে । পূৰ্বতে এই নৃত‍্য আদিবাসী যুৱকসকলৰ মাজত অধিক জনপ্ৰিয় আছিল । গালে-মূখে ফাকুৱা সানি যুৱকেসকলে যুৱতীৰ বেশত হাতত লাঠি লৈ মাদলৰ তালে-তালে শ্ৰীকৃষ্ণৰ গীত গাই নৃত‍্য কৰি আনন্দ-স্ফুৰ্তি কৰিছিল বুলি জনা যায় (Traditional Faaku Lathi Dance at Kaliabor )। 

কিন্তু আজিৰ যুৱ প্ৰজন্মৰ অনীহাৰ বাবে দুই-এগৰাকী কিশোৰ-কিশোৰীকে শিকাই-বুজাই এই নৃত‍্যৰ পৰম্পৰা জীয়াই ৰাখিবলৈ চেষ্টা কৰিছে জনগোষ্ঠীটোৰ সচেতন ব‍্যক্তি সকলে (Tea tribe people dance culture during Holi)।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.