Tea workers protest:ডিব্ৰুগড়ৰ নাদুৱাত চৰকাৰী চাউলৰ ক’লা বেহা

By

Published : Jul 19, 2023, 7:19 PM IST

thumbnail

ডিব্ৰুগড়, 19 জুলাই : ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে কঠোৰ নিৰ্দেশ দিছিল যে দৰিদ্ৰ ৰাইজলৈ দিয়া চাউল কোনেও হৰলুকি কৰিব নোৱাৰিব । কিন্তু মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশক উপেক্ষা কৰি একাংশই সংঘটিত কৰিছে চাউল কেলেংকাৰি । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে ডিব্ৰুগড়ত বিভিন্ন সময়ত সমবায় এজেন্টে সংঘটিত কৰি আহিছে অনিয়ম ।

এইবাৰ ডিব্ৰুগড়ৰ নাদুৱাত চৰকাৰী চাউল লুন্ঠনৰ ঘটনা পোহৰলৈ আহিছে । ডিব্ৰুগড়ৰ যোগান বিভাগৰ চাউল হৰলুকি কৰিছে নাদুৱা সমবায় সমিতি এজেন্টে । জানিব পৰা অনুসৰি ১৩০ ঘৰ চাহ শ্ৰমিক পৰিয়ালক দুমাহে সুলভ মূল্যৰ চাউল যোগান ধৰা নাই নাদুৱা সমবায় সমিতি এজেন্টে । ডিকম নাহৰতলি চাহ বাগিছাৰ পমাৰতলী ডিভিজনৰ শ্ৰমিকৰ চাউল এজেন্ট ভাস্কৰ চেতিয়াই দুমাহে চাউল যোগান নধৰাৰ অভিযোগ উত্থাপন হৈছে ।

শ্ৰমিকসকলে নিজে পাবলগীয়া চাউল বিচাৰি গ’লে গালি গালাজ কৰে ভাস্কৰ চেতিয়াই, এই বুলি অভিযোগ উত্থাপন কৰিছে চাহ-শ্ৰমিকে । বুধবাৰে বাগিচাখনত থকা এজেন্টৰ দোকান ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰিলে শ্ৰমিকসকলে । লগতে শ্ৰমিকৰ বাবে অহা চাউল কেলেংকাৰি সংঘটিত কৰা এজেন্টৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে জিলা প্ৰশাসনৰ লগতে খাদ্য যোগান বিভাগলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে হিতাধিকাৰী শ্ৰমিকসকলে ।

লগতে পঢ়ক : Anti drugs mission in Dibrugarh: আৰক্ষীৰ জালত পৰিল কুখ্যাত ড্ৰাগছ মাফিয়া মনিৰুউদ্দিন আহমেদ ওৰফে কাঞ্চা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.