Tragic incident in Majuli: চাপৰিৰ পৰা গাখীৰ আনিবলৈ যোৱাই কাল হ’ল ছাত্ৰৰ

By ETV Bharat Assamese Team

Published : Oct 18, 2023, 3:57 PM IST

thumbnail

মাজুলী,18 অক্টোবৰ : আজি অসমীয়াৰ বাপতি সাহোন কাতি বা কঙালী বিহু । বিহুৰ আনন্দ উল্লাহৰ মাজতে মাজুলীত সংঘটিত হয় এক শোকাবহ ঘটনা । ব্ৰহ্মপুত্ৰৰ বুকুত পৰি সলিল সমাধি ঘটে এজন ছাত্ৰৰ । মাজুলীৰ ওপৰ বটিয়ামাৰীত সংঘটিত হৈছে এই শোকাবহ ঘটনা । নিহত ছাত্ৰজনৰ নাম অঞ্জন পায়েং বুলি জানিব পৰা গৈছে ৷

মাজুলীৰ আউনীআটী হেমচন্দ্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ আছিল নিহত অঞ্জন। জানিব পৰা মতে চাপৰিৰ পাৰ গাখীৰ আনিবলৈ যাওঁতে ব্ৰহ্মপুত্ৰত ডুব যায় ছাত্ৰজন ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত ৰাইজ উপস্থিত হৈ অঞ্জনৰ মৃতদেহ উদ্ধাৰ কৰে ৷ 

স্থানীয় ৰাইজৰ মতে, ‘‘ অঞ্জনে এজন সম্পৰ্কীয় ককায়েকৰ সৈতে চাপৰিলৈ গাখীৰ আনিবলৈ গৈছিল ৷ নদীৰ পানী কম তথাপিও সি ডুব গ’ল ৷’’

লগতে পঢ়ক:Majuli Music Festival controversy:মই যদি বেয়া কাম কৰিছো ভগৱানে মোক চাপৰ্ট নিদিব-মুকুল দলে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.