Tragic incident in Lakhimpur:হাৰমতিৰ ডনবস্ক' স্কুলৰ শ্ৰেণী কোঠাতে ছাত্রৰ মৃত্যু

By ETV Bharat Assamese Team

Published : Aug 30, 2023, 9:18 PM IST

thumbnail

বিহপুৰীয়া, ৩০ আগষ্ট: লখিমপুৰ জিলাৰ হাৰমতিৰ ডনবস্ক' স্কুলৰ এজন ছাত্রৰ আজি শ্ৰেণী কোঠাতে মৃত্যু ঘটে । মৃত ছাত্ৰজন লখিমপুৰ জিলাৰ লালুকৰ মেধাৱী ছাত্ৰ জিষ্ণু হাজৰিকা । লখিমপুৰ জিলাৰ লালুকৰ দিব্যজিত হাজৰিকাৰ পুত্ৰ জিষ্ণু হাজৰিকা হাৰমতি ডনবস্ক' স্কুলৰ দাদশ শ্ৰেণীৰ ছাত্ৰ আছিল । বুধবাৰে পুৱা আনদিনাৰ দৰেই বিদ্যালয়ত থকা অৱস্থাত অকস্মাতে মাটিত পৰি যোৱাত স্কুলৰ শিক্ষক, ছাত্ৰ সকলে লালুক চিকিৎসাললৈ নিয়ে যদিও চিকিৎসকে কিশোৰজনক মৃত বুলি ঘোষণা কৰে ।  

স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি স্কুলখনত প্ৰয়োজনীয় চিকিৎসাৰ উপযোগী কোনো সামগ্ৰী নাই ৷ আনহাতে,মৃত ছাত্ৰজনক হাৰমতীত চিকিৎসকক দেখুৱাৰ পৰিৱৰ্তে দুৰণিবটীয়া লালুক চিকিৎসালয়লৈ নিয়া কাৰ্যক দুখ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷ পৰৱৰ্তী সময়ত মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ।

লগতে পঢ়ক:Public Road Block at Doomdooma: মৃতদেহ লৈ ডুমডুমাৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত অৱৰোধ ৰাইজৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.