Public Road Block at Doomdooma: মৃতদেহ লৈ ডুমডুমাৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত অৱৰোধ ৰাইজৰ

By ETV Bharat Assamese Team

Published : Aug 30, 2023, 7:36 PM IST

thumbnail

তিনিচুকীয়া,30 আগষ্ট: ডুমডুমাৰ সমীপৰ হাঁহচৰাত ৰাইজৰ প্ৰতিবাদ ৷ বুধবাৰে হাঁহচৰাৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত মৃতদেহ লৈ পথ অৱৰোধেৰে ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে ৷ অভিযোগ অনুসৰি চাৰিদিনৰ পূৰ্বে দুই ফৈদৰ মাজত কাজিয়াৰ সূত্ৰপাত হৈছিল  ৷ সেই কাজিয়াত মনোজ তাঁতী নামৰ লোকজনক প্ৰহাৰ কৰে কেইজনমান লোকে ৷ গুৰুতৰ বাবে আহত মনোজ তাঁতীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ৷ যদিও  চিকিৎসাধীন মনোজৰ বুধবাৰে মৃত্যু হয় ৷ তাৰ পাচতে মনোজ তাঁতীৰ মৃতদেহ লৈ হত্যাকাৰীক কঠোৰ শাস্তিৰ দাবীত ৰাজপথ অৱৰোধ কৰে ৰাইজে ৷ ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷  

ভুক্তভোগী পৰিয়াল অভিযোগ অনুসৰি, ‘‘যোৱা 26 আৰু 27 আগষ্টত কৰম পূজা আছিল ৷ মনোজ তাঁতীয়ে দোকানত সামগ্ৰী কিনিবলৈ আহিছিল ৷ তেতিয়াই দোকানীৰ সৈতে প্ৰথমে বাক-বিতণ্ডাত লিপ্ত হয় ৷ তাৰ পাচতে মনোজক গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰিছিল একাংশ লোকে ৷ ফলত গুৰুতৰ ভাবে আহত হয় মনোজ  ৷ কিন্তু বুধবাৰে নিহত হৈছে ৷ সেয়ে হত্যাকাৰীক কঠোৰ শাস্তি প্ৰদান কৰিব লাগে ৷’’

লগতে পঢ়ক:Youth dies drugs overdose: অত্যাধিক ড্ৰাগছ সেৱনৰ ফলত এজন যুৱকৰ মৃত্যু  

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.