Road mishap: নিয়ন্ত্ৰণ হেৰুৱাই দোকানৰ ভিতৰতে সোমাল বিলাসী বাহন

By ETV Bharat Assamese Team

Published : Nov 14, 2023, 11:00 AM IST

thumbnail

নগাঁও, 14 নৱেম্বৰ : মঙলবাৰে পুৱতি নিশা নগাঁও চহৰৰ মাজমজিয়াত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। পুৱতি নিশা প্ৰায় 3 বজাত নিয়ন্ত্ৰণ হেৰুৱাই এখন দোকানৰ ভিতৰত সোমাই গ'ল এখন বিলাসী বাহন। বাহনখনে হঠাৎ নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ডিভাইডাৰত খুন্দিয়াই বন্ধ হৈ থকা এখন প্ৰসাধনৰ দোকানৰ দুৱাৰ ভাঙি দোকানৰ ভিতৰত সোমাই যায়। 

এই দুর্ঘটনাৰ ফলত বাহনখনৰ চালকৰ লগতে বাহনখনত থকা আন এজন লোক সৌভাগ্যক্ৰমে প্ৰাণৰক্ষা পৰে  ৷ অৱশ্যে এই দুৰ্ঘটনাত দুয়োজন লোক আহত হৈছে। লগে লগে প্ৰত্যক্ষদৰ্শীয়ে আহত দুয়োকে পুৱতি নিশাই নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে । এই দুৰ্ঘটনাৰ সময়ত দোকানখনৰ ভিতৰত কোনো লোক নাছিল । 

ইপিনে দুৰ্ঘটনা সংঘটিত কৰা AS 01 BM 8691 নম্বৰৰ বাহনখন জব্দ কৰে নগাঁও আৰক্ষীৰ যান বাহন শাখাই ৷

লগতে পঢ়ক: Youth stabbed to death : যুৱকক চোকা অস্ত্ৰৰে হানি খুচি হত্যা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.