নগাঁৱত প্ৰাৰ্থিত্ব নাপালে অন্য সমষ্টিত নিৰ্বাচন নেখেলে প্ৰদ্যুৎ বৰদলৈয়ে !

By ETV Bharat Assamese Team

Published : Dec 2, 2023, 10:19 PM IST

thumbnail

নগাঁও, 2 ডিচেম্বৰ : 2024ৰ লোকসভা নিৰ্বাচনৰ ক্ষেত্ৰত বিশেষভাৱে চৰ্চিত হৈ আছে নগাঁও লোকসভা সমষ্টিৰ নাম ৷ সমষ্টিত কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাবে বৰ্তমানৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে প্ৰতিদ্বন্দিতা কৰিব পাৰিব নে নগাঁৱলৈ গৌৰৱ গগৈৰ আগমন ঘটিব তাকে লৈ চলিছে সৰব চৰ্চা ৷

এনে সময়তে ইটিভি ভাৰতৰে সাংসদ প্ৰদ্যুৎ বৰদলৈৰ হয় বিশেষ সাক্ষাৎকাৰ ৷ সাংসদগৰাকীয়ে কয় যে তেওঁ হাড়ে-হিমজুৱে, আত্মিকভাৱে এজন নগঁঞা ৷ গতিকে বেলেগ সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াবলৈ তেওঁ প্ৰস্তুত নহয় ৷

ইয়াৰোপৰি সাংসদগৰাকীক কৰা হয় কেতবোৰ চৰ্চিত প্ৰশ্ন ৷ প্ৰশ্নোত্তৰত সাংসদগৰাকীয়ে কেবাটাও বিস্ফোৰক মন্তব্য আগবঢ়ায় ৷ তাৰ মাজতে কংগ্ৰেছৰ শাসন কালত তিনিটা বৃহৎ কেলেংকাৰীৰ নায়ক হিমন্ত বিশ্ব শৰ্মা আছিল বুলি কৰা মন্তব্য তাৎপৰ্যপূৰ্ণ ৷ কংগ্ৰেছ শাসনলৈ আহিলে গৌৰৱ গগৈক মুখ্যমন্ত্ৰী হিচাবে প্ৰদ্যুৎ বৰদলৈয়ে বিচাৰেনে তাৰো উত্তৰ দিলে সাংসদগৰাকীয়ে ৷

লগতে পঢ়ক : এতিয়া গোটেইখন আন্ধাৰ; দিনতে মানুহে ৰাতি দেখিছে : ৰকিবুল হুছেইন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.