ETV Bharat / state

এতিয়া গোটেইখন আন্ধাৰ; দিনতে মানুহে ৰাতি দেখিছে : ৰকিবুল হুছেইন

author img

By ETV Bharat Assamese Team

Published : Dec 2, 2023, 8:12 PM IST

মৰিগাঁৱত অনুষ্ঠিত হোৱা কংগ্ৰেছৰ য়ুথ জোৰো যাত্ৰাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰৱ হৈ পৰে ৰকিবুল হুছেইন ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে কম্পমান হৈ বদৰুদ্দিন আজমলৰ বোকোচাত উঠিব বিচাৰিছে বুলি হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ ৰকিবুল হুছেইনৰ ৷

Rakibul Hussain Slams CM Himanta Biswa Sarma
মৰিগাঁৱত ৰকিবুল হুছেইন

মৰিগাঁৱত কংগ্ৰেছৰ য়ুথ জোৰো যাত্ৰা

মৰিগাঁও, 2 ডিচেম্বৰ : "হিমন্ত বিশ্ব শৰ্মাই কৈছে, মোৰ দিনত কোনো কেলেংকাৰী হোৱা নাই ৷ তাৰ মানে ৰাতি হৈছে ৷ কয়লাৰ গাড়ী বিলাক ৰাতিহে চলে ৷" এই মন্তব্য প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছী বিধায়ক ৰকিবুল হুছেইনৰ ৷ শনিবাৰে মৰিগাঁৱত অনুষ্ঠিত হোৱা কংগ্ৰেছৰ য়ুথ জোৰো যাত্ৰাত অংশগ্ৰহণ কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে সৰৱ হৈ পৰা দেখা গ’ল জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰকিবুল হুছেইনক ৷

ৰকিবুল হুছেইনে কয় যে, এতিয়া গোটেইখন আন্ধাৰ; দিনতে মানুহে ৰাতি দেখিছে ৷ গতিকে ৰাতি হৈছে ৷ মুখ্যমন্ত্ৰীয়েই কৈছে যে, দিনত হোৱা নাই ৰাতি হৈছে ৷ তেওঁতো ৰাতিৰেই চৰ্দাৰ ৷ গতিকে এই কথা-বতৰা বিলাক ৰাইজৰ চকুত ধৰা পৰিছে ৷ সেইবাবে মুখ্যমন্ত্ৰীগৰাকী কম্পমান হৈ বদৰুদ্দিন আজমলৰ বোকোচাত উঠিব বিচাৰিছে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰে ৰকিবুল হুছেইনে ৷

ইফালে কংগ্ৰেছৰ য়ুথ জোৰো যাত্ৰা সন্দৰ্ভত কংগ্ৰেছ নেতা গৰাকীয়ে কয় "আমি ভবা নাছিলো যে এই কাৰ্যসূচীত ৰাইজৰ ইমান সহাঁৰি পাম ৷ কৰিমগঞ্জকে ধৰি উজনি অসম সকলোতে এই কাৰ্যসূচীলৈ ৰাইজে ব্যাপক সহাঁৰি দিলে৷"

কংগ্ৰেছ নেতা গৰাকীয়ে কয় যে, সাধাৰণ মানুহ এতিয়া এই চৰকাৰখনৰ টেটুঁ চেঁপা ৰাজনীতিৰ বলি হৈছে ৷ তেওঁলোকৰ ঘৰখন নচলা হৈছে, উপাৰ্জন কমি গৈছে ৷ সেই লোকসকলে স্বতঃস্ফূর্তভাৱে আহি এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে আৰু বৰ্তমানৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰতি অনাস্থা প্ৰকাশ কৰিছে বুলি মন্তব্য কৰে হুছেইনে ৷

ইফালে সমগ্ৰ অসমত এতিয়া সকলোতকৈ অপ্ৰিয় ব্যক্তি হিমন্ত বিশ্ব শৰ্মা বুলি উল্লেখ কৰি ৰকিবুল হুছেইনে কয় যে, সেইবাবে মুখ্যমন্ত্ৰীজনে এতিয়া একমাত্ৰ ৰাজনৈতিক বন্ধু হিচাবে বদৰুদ্দিন আজমলক লৈছে ৷ বদৰুদ্দিন আজমলেই মুখ্যমন্ত্ৰীগৰাকীৰ এতিয়া ৰাজনৈতিক আশা-ভৰসাৰ থল বুলিও কয় ৰকিবুল হুছেইনে ৷ লগতে অসমৰ সকলো জনগোষ্ঠীৰ লগতে সংখ্যালঘু লোকসকলক ঠগি, বিজেপিৰ পুৰণি সকলো নেতাক ঠগি এতিয়া কেৱল ৰাজনৈতিক বৈতৰণী পাৰ হ’বলৈ আজমলৰ বোকোচাত উঠিছে বুলি মন্তব্য কৰে কংগ্ৰেছ নেতাগৰাকীয়ে ৷

উল্লেখ্য যে, শনিবাৰে মৰিগাঁৱত অনুষ্ঠিত হয় কংগ্ৰেছৰ য়ুথ জোৰো যাত্ৰা ৷ এই যাত্ৰাত কংগ্ৰেছ নেতা তথা বিধায়ক ৰকিবুল হুছেইন, সাংসদ প্ৰদ্যুৎ বৰদলৈ , বিধায়িকা শিৱামণি বৰা, বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থ, নুৰুল হুদাকে ধৰি কেইবজনো জ্যেষ্ঠ কংগ্ৰেছ নেতাৰ লগতে জিলাখনৰ শতাধিক কংগ্ৰেছ নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰে ৷ মৰিগাঁও চহৰৰ মাজেৰে এক সমদল কৰি বিহুতলীত এক সভা অনুষ্ঠিত কৰে দলটোৱে ৷

লগতে পঢ়ক : আজমলে সহায় কৰিলে নিৰ্বাচন নেখেলে ভূপেন বৰাই !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.