Junmoni Rabha death case: জোনমণি ৰাভাৰ মৃত্যুৰ বিতৰ্ক সন্দৰ্ভত মত প্ৰকাশৰ পৰা বিৰত এছ পি দলে

By

Published : May 17, 2023, 11:05 PM IST

thumbnail

নগাঁও, 17 মে’: আৰক্ষীৰ উপ-পৰিদৰ্শক জোনমণি ৰাভাৰ মৃত্যু সন্দৰ্ভত বুধবাৰে নগাঁৱৰ আৰক্ষী অধীক্ষক লীনা দলেয়ে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া । আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত সংবাদ মাধ্যমক সম্বোধন কৰি ঘটনা সন্দৰ্ভত সম্প্ৰতি চি আই ডিয়ে তদন্ত আৰম্ভ কৰাৰ কথা উল্লেখ কৰে আৰক্ষী অধীক্ষক লীনা দলেয়ে (SP Leena Doley on Junmoni Rabha death) । 

সমগ্ৰ ঘটনাটোক লৈ সৃষ্টি হোৱা বিতৰ্ক তথা ৰহস্যজনক পৰিস্থিতিৰ বিষয়ে মন্তব্য কৰাৰ পৰা অৱশ্যে বিৰত থাকে আৰক্ষী অধীক্ষকগৰাকী ৷ সাংবাদিকে বহুবাৰ বিষয়টোৰ সন্দৰ্ভত প্ৰশ্ন কৰে যদিও তদন্ত প্ৰক্ৰিয়া চলি থকা বুলি উল্লেখ কৰি সেই বিষয়টোৰ পৰা আঁতৰি আহে আৰক্ষী বিষয়াগৰাকী (Controversy on Junmoni Rabha death) ৷ 

ইতিমধ্যে চি আই ডিৰ এটা দলে জোনমণি ৰাভাৰ গাড়ীখন দুৰ্ঘটনাত পতিত হোৱা কলিয়াবৰৰ সৰুভগীয়াৰ ঘটনাস্থলীত উপস্থিত হয় ৷ জোনমণিৰ মৃত্যু সন্দৰ্ভত বহুতেই সন্দেহ প্ৰকাশ কৰাৰ পাচতেই মঙলবাৰে ঘটনাটোৰ তদন্তৰ দায়িত্ব চি আই ডিক অৰ্পণ কৰিছিল আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে (Junmoni Rabha death case probe) ৷

লগতে পঢ়ক: Junmoni Rabha mysterious death: জোনমণি ৰাভাৰ দুৰ্ঘটনাৰ তদন্ত কৰিবলৈ জখলাবন্ধাত অপৰাধ অনুসন্ধান শাখাৰ দল

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.