Snowfall In Shimla : তুষাৰাবৃত চিমলাই টানি আনিছে দেশী-বিদেশী পৰ্যটকক

By

Published : Jan 17, 2023, 10:51 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

লাজত যেন তাই মূছকঁছহে যাব ! অগণন লোকৰ প্ৰশংসাত ষোড়শী গাভৰুলৈ ৰূপান্তৰিত হোৱা মনোমোহা চিমলাত এতিয়া কেৱল মানুহ আৰু মানুহ ৷ হিমাচলৰ সৌন্দৰ্যই টানি আনিছে দেশী-বিদেশী পৰ্যটকক ৷ শীতৰ প্ৰকোপ যিমানেই বৃদ্ধি পাইছে সিমানেই বৃদ্ধি পাইছে হিমাচলৰ আকৰ্ষণ (Snowfall In Shimla)৷ যেন এখন বগা চাদৰেৰে ঢাকি ৰাখিছে হিমাচলৰ চিমলাক ৷ তাৰ মাজতে চহৰখনৰ কুফৰীত তুষাৰপাতো হ’ল সোমবাৰে (Snowfall In kufri)৷ যেন সোমবাৰৰ পৰা সোণত সুঁৱগাহে চৰিল ! সেই সৌন্দৰ্য উপভোগ কৰিবলৈ এতিয়া সোঁত বৈছে পৰ্যটকৰ ৷ তুষাৰাবৃত চাদৰত খোজ দিছে পৰ্যটকে, খোজ দিছে ঘোঁৰা আৰু গাধই ৷ সেই ঘোঁৰা-গাধৰ পিঠিত উঠি ধৰালৈ নামি অহা সৰগ চাবলৈ হেঁতা-ওপৰা লাগিছে পৰ্যটকৰ মাজত (Tourists enjoying snowfall in Kufri)৷

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.