Cattle smuggling:ৰহাৰ বৰ আমৰিত উদ্ধাৰ চোৰাং গৰু

By

Published : May 27, 2023, 2:18 PM IST

thumbnail

ৰহা, ২৭ মে': ৰাজ্যত অব্যাহত আছে গৰুৰ চোৰাং সৰবৰাহ (Cattle smuggling in Assam)। ৰাজ্যৰ ভিন্ন প্ৰান্তত আৰক্ষীয়ে অভিযান চলাই চোৰাং গৰু জব্দ কৰাৰ লগতে এই চক্ৰৰে  জড়িত লোকক গ্ৰেপ্তাৰ কৰিছে (Smuggling cattles seized at Raha)। কিন্তু আৰক্ষীৰ এনেধৰণৰ কঠোৰ পদক্ষেপৰ পাছতো একাংশ দুষ্টচক্ৰই চোৰাং গৰুৰ সৰবৰাহৰ বাবে লৈছে বিভিন্ন উপায় । চোৰাংকৈ সৰবৰাহ কৰিবলৈ চেষ্টা কৰোতে ৰহাৰ সমাপবৰ্তী বৰ আমৰিত জব্দ হৈছে ৮ টাকৈ গৰু ।

শনিবাৰে ৰহাৰ সমীপৱৰ্তী বৰ আমৰিত কাৰ্বি-আংলঙৰ পৰা নগাঁও দিশে ৮ টাকৈ গৰু খোজ কঢ়াই লৈ অহা অৱস্থাতে জব্দ কৰে গাওঁবাসীয়ে (cattles seized at Bor Aamri)। অৱশ্যে গৰু লৈ অহা লোককেইজন পলাই যাবলৈ সক্ষম হয় । জব্দকৃত গৰুকেইটা গাঁৱৰ ৰাইজে লাওপানী আৰক্ষীক গতাই দিয়ে যদিও পৰবৰ্তী সময়ত লাওপানী আৰক্ষীয়ে ডালিমবাড়ী আৰক্ষীক গতাই দিয়ে । বৰ্তমানলৈকে গৰু কেইটাৰ কোনো সঠিক তথ্য লাভ নকৰাত চোৰাং গৰুৰ সন্দেহত আৰক্ষীয়ে গৰুকেইটা জব্দ কৰে আৰু পৰবৰ্তী সময়ত গোশালা লৈ প্ৰেৰণ কৰিব বুলি আৰক্ষীয়ে সদৰি কৰিছে ।

লগতে পঢ়ক:SI Junmoni Rabha latest updates:উপ-পৰিদৰ্শক প্ৰয়াত জোনমণি ৰাভাক স্মৰণ মহিলা সমাজৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.