SI Junmoni Rabha latest updates:উপ-পৰিদৰ্শক প্ৰয়াত জোনমণি ৰাভাক স্মৰণ মহিলা সমাজৰ

By

Published : May 27, 2023, 12:46 PM IST

thumbnail

কলিয়াবৰ, 27 মে’ : শুকুৰবাৰে আছিল অসম আৰক্ষীৰ উপ-পৰিদৰ্শক জোনমণি ৰাভাৰ আদ‍্যশ্ৰাদ্ধ । গুৱাহাটীৰ দক্ষিণগাঁৱৰ বাসগৃহত প্ৰয়াত জোনমণিৰ আদ্যশ্ৰাদ্ধৰ আয়োজন কৰা হয় । ৰাভা জনগোষ্ঠীয় নীতি–নিয়মেৰে সমাপন কৰা হয় শ্ৰাদ্ধ (Junmoni Rabha death case) । মাতৃৰ অসুস্থতাৰ মাজতে জোনমণিৰ বাসগৃহত আয়োজন কৰা হয় আদ্যশ্ৰাদ্ধৰ । সমান্তৰালকৈ জোনমণিৰ সৈতে দুৰ্ঘটনা সংঘটিত হোৱা স্থানত শ্ৰদ্ধাঞ্জলি জ্ঞাপন অনুষ্ঠান আয়োজন কৰে জখলাবন্ধাৰ একাংশ সচেতন মহিলাই । সন্ধিয়া জখলাবন্ধাৰ সৰুভগীয়াৰ দুৰ্ঘটনাস্থলীত বন্তি প্ৰজ্জ্বলন অনুষ্ঠানৰ আয়োজন কৰা হয় (SI Junmoni Rabha latest updates) ৷

উক্ত কাৰ্যসূচীত উপস্থিত থকা জোনমণিৰ একালৰ কটন কলেজৰ সহপাঠী গংগোত্ৰী লাহন বৰগোঁহাইয়েও প্ৰয়াত বান্ধবী জোনমণিৰ স্মৃতি সুঁৱৰি আৰক্ষী বিষয়া গৰাকীৰ মৃত‍্যুৰ উচিত তদন্ত দাবী কৰে । উল্লেখ্য যে জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত চিআইডিৰ পৰা চিবিআইক অৰ্পণ কৰা হৈছে (Sub Inspector Late Jonmani Rabha rituals) । প্ৰথমে ঘটনাৰ তদন্তৰ দায়িত্ব চিআইডিক দিয়া হৈছিল যদিও পিচলৈ তদন্তৰ ভাৰ চিবিআইক হস্তান্তৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । ডিজিপিৰ অনুৰোধত মুখ্যমন্ত্ৰীয়ে তদন্তৰ দায়িত্ব চিবিআইক অৰ্পণ কৰে । সকলোৱে আশা কৰিছে জোনমণিৰ মৃত্যুৰ প্ৰকৃত ৰহস্য চিবিআইৰ তদন্তত পোহৰলৈ আহিব (Junmoni Rabha news) । সকলোৱে কামনা কৰিছে যদিহে জোনমণি ৰাভাক পৰিকল্পিতভাৱে হত্যা কৰা হৈছে তেন্তে প্ৰকৃত দোষী চিনাক্ত হওঁক লগতে দোষীয়ে অনতিপলমে উচিত শাস্তি পাওঁক ।

লগতে পঢ়ক : Junmoni Rabha Death Case: মুখ্যমন্ত্ৰীৰ ভাতৃৰ সৈতে সু-সম্পৰ্ক থকাৰ বাবে বাছি যাব নেকি আৰক্ষী অধীক্ষকগৰাকী: লুৰীণজোতি গগৈ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.