Junmoni Rabha Death Case: মুখ্যমন্ত্ৰীৰ ভাতৃৰ সৈতে সু-সম্পৰ্ক থকাৰ বাবে বাছি যাব নেকি আৰক্ষী অধীক্ষকগৰাকী: লুৰীণজোতি গগৈ

By

Published : May 26, 2023, 10:27 PM IST

thumbnail

গুৱাহাটী, ২৬ মে’: জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত যিটো গতিত আগবাঢ়িব লাগিছিল, সেইটো গতিত আগবঢ়া দেখা পোৱা নাই ৷ লগতে এই ঘটনা সন্দৰ্ভত যিসকল ব্যক্তিক তদন্তৰ আওঁতালৈ আনিব লাগিছিল সেই সম্পৰ্কেও আমি অলপ সন্দেহত আছোঁ ৷ এই মন্তব্য কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে (Lurinjyoti Gogoi Reacts on Junmoni Rabha Death) ৷  

আজি আৰক্ষী উপ-পৰিদৰ্শক প্ৰয়াত জোনমণি ৰাভাৰ মহানগৰীৰ দক্ষিণগাঁওস্থিত বাসগৃহত আয়োজিত আদ্যশ্ৰাদ্ধত শ্ৰদ্ধাঞ্জলি জনাবলৈ উপস্থিত হয় অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈসহ দলটোৰ কেইবাজনো নেতা ৷  প্ৰয়াত জোনমণি ৰাভাৰ বাসগৃহত উপস্থিত হৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে নেতাগৰাকীয়ে জোনমণিৰ মাতৃ তথা পৰিয়ালৰ সৈতে মত বিনিময় কৰে । এই সমগ্ৰ ঘটনাৰ উচিত তদন্তৰ দাবী লুৰীণজ্যোতি গগৈৰ ৷ ঘটনাৰ লগত জড়িত সকলোকে তদন্তৰ আওঁতালৈ আনিব লাগে বুলি কয় নেতাজনে (AJP President Lurinjyoti Gogoi) ৷  

লগতে তেওঁ কয় যে নগাঁৱৰ আৰক্ষী অধীক্ষকক আন জিলালৈ বদলি কৰিয়েই দায়িত্ব সামৰিলে ন'হব ৷ এইয়া কোনো শাস্তি হ’ব নোৱাৰে ৷ মুখ্যমন্ত্ৰীৰ ভাতৃৰ সৈতে সু-সম্পৰ্ক থকাৰ বাবেই এতিয়ালৈকে তদন্তৰ আওঁতালৈ অহা নাই নেকি আৰক্ষী অধীক্ষকগৰাকী বুলিও প্ৰশ্ন কৰে লুৰীণজ্যোতি গগৈয়ে (Junmoni Rabha Death Case) ৷

লগতে পঢ়ক:  Bhupen Bora over BJP govt: অসমৰ মানুহৰ স্মৃতি শক্তি কম বুলি ভাবে মুখ্যমন্ত্ৰী শৰ্মাই; ভূপেন বৰাৰ মন্তব্য 

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.