Timber smuggling in Assam:বইটামাৰীত বন বিভাগে জব্দ কৰিলে চোৰাং কাঠভৰ্তি ট্ৰাক

By

Published : Aug 7, 2023, 8:29 PM IST

thumbnail

বঙাইগাঁও, ৭আগষ্ট: বঙাইগাঁও জিলাৰ বইটামাৰীৰ নিত্যবজাৰত বন বিভাগে অভিযান চলাই জব্দ কৰিলে কাঠভৰ্তি ট্ৰাক । জিলাখনৰ বইটামাৰীৰ নিত্যবজাৰত পুৱাই নিত্যবজাৰত ৰাখালঠাকুৰ বন শিৱিৰৰ ভাৰপ্ৰাপ্ত বন বিষয়া বসন্ত কলিতাৰ নেতৃত্বত অভিযান চলাই ছয়চকীয়া ট্ৰাকসহ বৃহৎ পৰিমাণৰ চোৰাংকাঠ জব্দ কৰে বন বিভাগে ।

AS 26 C 2498 নম্বৰৰ  ট্ৰাকখনেৰে ন শ কেবি কাঠ খগৰপুৰ গাৰোদোকানৰ পৰা ধুবুৰী জিলাৰ চাপৰলৈ নি থকা অৱস্থাতে বন বিভাগে অভিযান চলাই জব্দ কৰে গাড়ীসহ কাঠখিনি । জব্দকৃত কাঠখিনিৰ মুল্য প্ৰায় ডেৰলক্ষাধিক টকা হ'ব । বন বিভাগে আটক কৰে ট্ৰাকখনৰ চালক । সম্প্ৰতি ট্ৰাকসহ কাঠখিনি অভয়াপুৰী আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়লত ৰখা হৈছে ।

লগতে পঢ়ক:Orange alert in Assam: প্ৰৱল বৰষুণৰ আগজাননি; অসমৰ কেবাখনো জিলাত অ’ৰেঞ্জ এলাৰ্ট; মেঘালয়ত ৰেড এলাৰ্ট জাৰি

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.