Cattle Syndicate:মাজুলীত সক্ৰিয় চোৰাং গৰু সৰবৰাহ চক্ৰ

By

Published : Jun 26, 2023, 4:36 PM IST

thumbnail

মাজুলী,26 জুন: ৰাজ্যত অব্যাহত আছে চোৰাং গৰু সৰবৰাহ ৷ ৰাজ্য চৰকাৰে গো-সুৰক্ষাৰ কাৰণে কঠোৰ আইন ৰূপায়ন কৰিছে যদিও এচাম অসাধু ব্যৱসায়ীয়ে চোৰাং ভাবে গৰুৰ সৰবৰাহ অব্যাহত ৰাখিছে ৷ 

এইবাৰ মাজুলীত 6 টাকৈ চোৰাং গৰু জব্দ কৰিছে আৰক্ষীয়ে ৷ মাজুলীৰ বালিচাপৰি টহলদাৰী আৰক্ষী চকীৰ অন্তৰ্গত বালিচাপৰিত নামনি মাজুলী আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত আৰক্ষীয়ে অভিযান চলায় ৷ অভিযানৰ সময়ত উপযুক্ত নথি-পত্ৰ নথকা 6 টাকৈ গৰু জব্দ কৰাৰ লগতে এজন চোৰাং গো-ব্যৱসায়ীক আটক কৰে আৰক্ষীয়ে ৷ 

জানিব পৰা মতে গৰুসমূহ মাজুলীৰ বিভিন্ন স্থানৰ পৰা লখিমপুৰ জিলাৰ বঙালমৰালৈ চোৰাংকৈ সৰবৰাহ কৰা হৈছিল । 

উল্লেখ্য যে মাজুলীৰ বিভিন্ন স্থানৰ পৰা দীৰ্ঘদিনে চোৰাংকৈ বহিঃজিলালৈ গৰু সৰবৰাহ হৈ আহিছে । এই ক্ষেত্ৰত মাজুলী জিলা প্ৰশাসন কঠোৰ হোৱাৰ প্ৰয়োজন আছে বুলি মন্তব্য কৰিছে মাজুলীৰ সচেতন ব্যক্তিয়ে ৷ 

লগতে পঢ়ক:Russian Current Issue : জেলেনস্কিক নিৰাপত্তা সহযোগিতাৰ প্ৰতিশ্ৰুতি বাইডেনৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.