ETV Bharat / international

Russian Current Issue : জেলেনস্কিক নিৰাপত্তা সহযোগিতাৰ প্ৰতিশ্ৰুতি বাইডেনৰ

author img

By

Published : Jun 26, 2023, 3:18 PM IST

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বাইডেনে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিৰ সৈতে ৰাছিয়াৰ শেহতীয়া ঘটনাৰ বিষয়ে আলোচনা কৰে । লগতে ইউক্ৰেইনক সম্ভৱপৰ সকলো সহযোগিতা আৰু সমৰ্থন প্ৰদানৰ প্ৰতিশ্ৰুতি দিয়ে ।

Russian Current Issue
Russian Current Issue

ইণ্টাৰনেচনেল ডেস্ক, ২৬ জুন : আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে দেওবাৰে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ জেলেনস্কিৰ সৈতে আলোচনাত মিলিত হয় । ৰাছিয়াৰ শেহতীয়া ঘটনাৰ বিষয়ে দুয়োগৰাকী নেতাই আলোচনা কৰা বুলি হোৱাইট হাউছৰ এক বিবৃতিত প্ৰকাশ । দুয়োগৰাকী নেতাই ইউক্ৰেইনত চলি থকা প্ৰত্যাক্ৰমণৰ ঘটনাৰ বিষয়েও আলোচনা কৰে আৰু ৰাষ্ট্ৰপতি বাইডেনে নিৰাপত্তা, বিত্তীয় আৰু মানৱীয় সহায়কে ধৰি আমেৰিকা যুক্তৰাষ্ট্ৰৰ সমৰ্থনৰ কথা পুনৰ নিশ্চিত কৰে । বিবৃতিটোত লগতে কোৱা হৈছে ।

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিৰ সৈতে ৰাষ্ট্ৰপতি জো বাইডেনৰ বৈঠক সন্দৰ্ভত হোৱাইট হাউছে কয়, "ৰাষ্ট্ৰপতি বাইডেনে আজি ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিৰ সৈতে ইউক্ৰেইনৰ সমৰ্থনৰ বিষয়ে আলোচনা কৰে । যিহেতু ৰাষ্ট্ৰখনে ৰাছিয়াৰ আক্ৰমণৰ সৈতে যুঁজি আছে ।" আনহাতে, ৰাষ্ট্ৰপতি বাইডেনে ইউক্ৰেইনৰ প্ৰতি থকা আমেৰিকাৰ সমৰ্থনৰ প্ৰতিশ্ৰুতি পুনৰ দোহাৰে । ইয়াৰ ভিতৰত আছে নিৰাপত্তা, অৰ্থনৈতিক আৰু নিৰন্তৰ মানৱীয় সহায় । নেতা দুগৰাকীয়ে ৰাছিয়াৰ শেহতীয়া ঘটনাৰ বিষয়েও আলোচনা কৰে ।

ইয়াৰ পূৰ্বে শনিবাৰে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে কৈছিল কোনো ব্যক্তিয়ে যদি অশুভ শক্তিৰ পথ বাছনি কৰে তেন্তে তেওঁ নিজৰে ধ্বংস মাতে । ৱেগনাৰ বাহিনীয়ে ৰাছিয়াৰ সামৰিক ঘাটিসমূহত ৰাছিয়াৰ সৈতে বিদ্ৰোহ আৰম্ভ কৰাৰ কেইঘণ্টামান পিছতে জেলেনস্কিয়ে এই মন্তব্য কৰে । "অশুভ শক্তিৰ পথ বাছনি কৰা মানুহে নিজকে ধ্বংস কৰে ।" জেলেনস্কিয়ে কৰা টুইটত মস্কোক তীব্ৰ সমালোচনা কৰে । যিয়ে আন এখন দেশৰ ক্ষতি কৰিবলৈ সৈন্য প্ৰেৰণ কৰি আহিছে, তেওঁ আজি নিজেই বিশ্বাসঘাতকতাৰ বলি হৈছে । আনকি যুদ্ধলৈ প্ৰেৰণ কৰা সৈনিকসকলেও যুদ্ধৰ পৰা পলায়ন কৰিবলৈ আৰম্ভ কৰিছে আৰু বিশ্বাসঘাতকতা কৰিবলৈ আৰম্ভ কৰিছে । জেলেনস্কিয়ে কয় ।

আনহাতে, ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে ৰাছিয়াৰ দুৰ্বলতা লুকুৱাবলৈকে প্ৰচাৰৰ ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে । তেওঁ কয় যে ৱেগনাৰ গ্ৰুপৰ এনে বিদ্ৰোহে ৰাছিয়াৰ সম্পূৰ্ণ দুৰ্বলতা উন্মোচিত কৰিছে । "দীৰ্ঘদিন ধৰি ৰাছিয়াই নিজৰ দুৰ্বলতা আৰু চৰকাৰৰ মূৰ্খতা লুকুৱাবলৈ প্ৰচাৰ ব্যৱহাৰ কৰি আহিছে । এতিয়া ইমান অৰাজকতা হৈছে যে কোনো মিছায়ে ইয়াক লুকুৱাব নোৱাৰে আৰু এই সকলোবোৰ একেজন ব্যক্তিয়ে কৰি আছে, যিয়ে ১৯১৭ চনৰ পৰা বাৰে বাৰে ভয় খুৱাই আহিছে । কিন্তু তেওঁ ইয়াৰ বাহিৰে আন একো কৰিব পৰা নাই ।" জেলেনস্কিয়ে কয় ।

লগতে পঢ়ক :Yevgeny Prigozhin: পুটিনক প্ৰত্যাহ্বান জনাই অভ্যুত্থান কৰা য়েভগেনি প্ৰিগোজিন কোন ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.