পৰিবহন বিভাগৰ অভিযানত বাৰ্মিজ চুপাৰি ভৰ্তি বাহন জব্দ

By ETV Bharat Assamese Team

Published : Dec 8, 2023, 8:10 AM IST

thumbnail

বঙাইগাঁও, 8 ডিচেম্বৰ : বৃহস্পতিবাৰে বঙাইগাঁও জিলাৰ বইটামাৰীত অবৈধভাৱে কঢ়িওৱা বাৰ্মিজ চুপাৰী ভৰ্তি বাহন জব্দ ৷ চিৰাঙৰ বিজনীৰ পৰা কোচবিহাৰলৈ গৈ থকা অৱস্থাত পৰিবহন বিভাগৰ নিয়মীয়া তালাচীত জব্দ কৰা হয় বাহনখন । পৰিবহন বিভাগৰ কৰ্মচাৰীৰ সংকেত অৱমাননা কৰি পলায়ন কৰি থকা অৱস্থাত জব্দ কৰা হয় বাহনখন ৷

জব্দকৃত বাহনখনৰ নম্বৰ AS01 PC 5596 । উক্ত বাহনখন জব্দ কৰাৰ পিচতহে ট্ৰাকৰ গৰাকীয়ে বিল জেনেৰেট কৰি পৰিবহন বিভাগৰ সন্মুখত প্ৰদৰ্শন কৰিছিল বুলি পৰিবহন বিভাগৰ কৰ্মচাৰীয়ে জানিবলৈ দিয়ে ৷ ইফালে ঘটনা সন্দৰ্ভত সন্দেহ ওপজাত চুপাৰীখিনি জোখ-মাখ কৰি বঙাইগাঁও জিলাৰ বিক্ৰী কৰ বিভাগক গতাই দিয়ে পৰিবহন বিভাগে ।

দীৰ্ঘদিন ধৰি এইদৰে সন্দেহজনক বাৰ্মীজ চুপাৰী সৰবৰাহ হৈ আছে বুলি সন্দেহ প্ৰকাশ কৰা হৈছে । উপযুক্ত তদন্তৰ পিচতহে পোহৰলৈ আহিব ঘটনাৰ প্ৰকৃত ৰহস্য কি ৷ ট্ৰাক চালকজনৰ নাম আনোৱাৰ বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : অন্ধবিশ্বাস নে ভণ্ডামি ! বঙাইগাঁৱৰ বিদ্যাপুৰত চলিছে কি ?

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.