চৰকাৰৰ সাহায্য নলয় সদানন্দ গগৈয়ে, সামাজিক মাধ্যমত ক্ষোভ

By ETV Bharat Assamese Team

Published : Jan 17, 2024, 4:25 PM IST

thumbnail

নিউজ ডেস্ক, 17 জানুৱাৰী: অসম চৰকাৰে অপমান কৰাৰ অভিযোগ উত্থাপন কৰিছে বিশিষ্ট সংগীতশিল্পী সদানন্দ গগৈয়ে ৷ শিল্পী দিৱসৰ দিনটোত ৰূপকোঁৱৰক সুঁৱৰি সদানন্দ গগৈয়ে সামাজিক মাধ্যমযোগে অসম চৰকাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে তেওঁক অপমান কৰা বুলি ৷

বিশিষ্ট শিল্পীগৰাকীয়ে কয় যে কিছুদিন পূৰ্বে অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ কোনো লোকে জনাইছিল যে তেওঁৰ নাম শিল্পী পেন্সনৰ বাবে অন্তৰ্ভুক্ত কৰা হৈছে আৰু 17 জানুৱাৰীত তেজপুৰত অনুষ্ঠিত কেন্দ্ৰীয় শিল্পী দিৱসৰ কাৰ্যসূচীত তেওঁ উপস্থিত থাকিব লাগিব ৷ অসম চৰকাৰে তেওঁক এই সন্মান প্ৰদান কৰাৰ বাবে স্বাভাৱিকতেই তেওঁ সুখী হৈছিল ৷

কিন্তু আজি অৰ্থাৎ 17 জানুৱাৰীৰ পুৱা বাতৰি কাকতত তেওঁৰ নাম কেৱল 50 হাজাৰ টকাৰ এককালিন সাহাৰ্যৰ তালিকাত দেখি ক্ষোভিত হৈ পৰে শিল্পী সদানন্দ গগৈ ৷ সামাজিক মাধ্যমত এক ভিডিঅ’ বাৰ্তাযোগে তেওঁ জনায় যে চৰকাৰৰ এই কাৰ্যত তেওঁ অপমানবোধ কৰিছে ৷  

তেওঁ কয়, ‘‘ হিমন্ত বিশ্ব শৰ্মায়ো জানে মই কেনেকুৱা মানুহ ৷ তেওঁৰ লগত এটা দশক কাম কৰিছোঁ ৷ মই 50 হাজাৰ টকা লোৱা মানুহ নহয় ৷ ভালদিনত মই কমেও দহজনমান শিল্পীক সহায় কৰিছিলোঁ ৷’’

লগতে সদানন্দ গগৈয়ে কয়, ‘‘মই 16 বাৰ বিদেশত গান গোৱাৰ পিচত, 10 খন চিনেমাত সংগীত পৰিচালনা কৰাৰ পিচত, 1000ৰ ওচৰা-ওচৰি গান লিখা আৰু গোৱাৰ পিচত, মোৰ 7 খন কিতাপ ওলোৱাৰ পিচত মোক যদি চৰকাৰে ভাবি আছে যে মি 50 হাজাৰটকীয়া মানুহ তেন্তে সেয়া ভুল ধাৰণা ৷’’  

সাৰদা কেলেংকাৰীৰ সন্দৰ্ভত তেওঁ প্ৰত্যেক 45 দিনত কলকাতালৈ গৈ 35-40 হাজাৰ টকা খৰচ কৰি তেওঁ নিজকে নিৰ্দোশী প্ৰমাণিত কৰিবলৈ যুঁজি থাকিবলগীয়া হৈছে ৷ আমাৰ আইন ব্যৱস্থাত দোষ কৰিলেও নকৰিলেও নিৰ্দোষী প্ৰমাণিত টকা-পইচা খৰচ কৰি নিজেই কৰিব লাগিব বুলিও তেওঁ মন্তব্য কৰে ৷ একো দোষ নকৰাকৈ তেওঁ যুদ্ধ কৰি থকা বুলিও ভিডিঅ’ বাৰ্তাটোত উল্লেখ কৰে ৷

অসম চৰকাৰে প্ৰদান কৰা 50 হাজাৰ টকাৰ এককালিন সাহাৰ্যই তেওঁক সন্মানৰ পৰিৱৰ্তে অপমানিত কৰা বুলি মন্তব্য কৰে ৷ 35 বছৰে এহেজাৰ গান গাই অসমীয়া মানুহক চিন্তাৰ খোৰাক দিবলৈ চেষ্টা কৰা বুলি উল্লেখ কৰি তেওঁ ড৹ ভূপেন হাজৰিকাৰ লগত 22 বছৰ একেলগে কাম কৰা বুলি মন্তব্য কৰাৰ উপৰিও তেখেতৰ ওপৰত ছবি এখন কৰি থকাৰ কথা উল্লেখ কৰে সদানন্দ গগৈয়ে ৷ ইয়াৰ পিচতো মাত্ৰ 50 হাজাৰ টকাৰে সন্মানিত কৰিব বিচৰাটো ডাঙৰ অপমান বুলি উল্লেখ কৰি ইয়াতকৈ ডাঙৰ অপমান জীৱনত পোৱা নাই বুলি মন্তব্য কৰে বিশিষ্ট শিল্পী সদানন্দ গগৈয়ে ৷

লগতে পঢ়ক: তেজপুৰত অসম চৰকাৰৰ কেন্দ্ৰীয় শিল্পী দিৱস পালন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.