CM Vigilance raid: 6 হাজাৰ উৎকোচ লৈ হাত দাঙিলে SI আৰু আৰক্ষী জোৱানে

By

Published : May 29, 2023, 4:47 PM IST

thumbnail

ধুবুৰী, 29 মে’: ঘোচ লৈ পুনৰ হাত দাঙিলে অসম আৰক্ষীয়ে। এইবাৰৰ স্থান হৈছে বিলাসীপাৰা । বিভিন্ন সময়ত বিভিন্ন ঘটনা-পৰিঘটনা লৈ চৰ্চাত থাকে বিলাসীপাৰা থানা(Chief Minister Special Vigilance Cell )। এইবাৰ পুনৰ খাকী পোছাকত দাগ লগাই চৰ্চালৈ আহিছে বিলাসীপাৰা থানা।  মুখ্যমন্ত্ৰী দুৰ্নীতি নিবাৰক শাখাৰ অভিযানত ৬ হাজাৰ টকা উৎকোচ লৈ গ্ৰেপ্তাৰ হ'ল বিলাসীপাৰা থানাৰ আৰক্ষী উপ-পৰিদৰ্শক দেওৱান ৰহিজুদ্দিন আহমেদ আৰু প্ৰাক্তন গৃহৰক্ষী জোৱান সমেৰ আলী শ্বেখ (SI and police personnel arrested )।  

উল্লেখ্য যে, বিলাসীপাৰা থানাৰ Case No. 239/22 U/s 376/420/506/34 IPC ৰ গোচৰটোৰ কেছ ডায়েৰী গুৱাহাটী উচ্চ ন্যায়ালয়লৈ প্ৰেৰণৰ নামত অভিযুক্তৰ পৰা ৬ হাজাৰ টকা উৎকোচ বিচাৰিছিল বিলাসীপাৰা থানাৰ উপ পৰিদৰ্শক দেওৱান ৰহিজুদ্দিন আহমেদে। তাৰ পিচতেই মুখ্যমন্ত্ৰী দুৰ্নীতি নিবাৰক শাখাই বিলাসীপাৰাৰ পৰা গ্ৰেপ্তাৰ কৰে SI গৰাকী আৰু গৃহৰক্ষী জোৱানগৰাকীক (SI and police personnel arrested for taking bribes)।  

সম্প্ৰতি দুয়োকে আটক কৰি মুখ্যমন্ত্ৰী দুৰ্নীতি নিবাৰক শাখাই বিলাসীপাৰাৰ পৰা গুৱাহাটীলৈ লৈ যায়। অসম আৰক্ষীৰ এনে লজ্জাজনক ঘটনাক ধিক্কাৰ আৰু নিন্দা জনাইছে বিলাসীপাৰাবাসী ৰাইজে ৷

লগতে পঢ়ক: AEC Students Killed in Road Mishap: নিমিষতে ছাৰখাৰ হ’ল কৌশিকৰ পৰিয়ালৰ সপোন

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.