Firing in Dibrugarh: ডিব্ৰুগড়ৰ জাইকা ধাবাৰ সন্মুখত গুলীচালনা

By

Published : Feb 15, 2023, 12:38 PM IST

thumbnail

ডিব্ৰুগড়, 15 ফেব্ৰুৱাৰী : ডিব্ৰুগড়ত চাঞ্চল্যকৰ ঘটনা (Firing in Dibrugarh) ৷ 14 ফেব্ৰুৱাৰীৰ দিনা এটা গুলীচালনাৰ ঘটনা সংঘটিত হ’ল জিলাখনৰ ৰাজপথত । ডিব্ৰুগড়ৰ নিৰ্মীয়মান বাইপাছৰ কাষত থকা জাইকা নামৰ ধাবা এখনৰ সন্মুখত সংঘটিত হয় গুলীচালনাৰ ঘটনাটো (Shooting took place in front of zaika dhaba dibrugarh) ৷ এখন বলেৰ’ বাহনত অহা এজন লোকে শূণ্যলৈ চলালে গুলী ।

শূণ্যলৈ গুলী চলোৱা লোকজনৰ নাম কৌশিক গগৈ বুলি জানিবলৈ পৰা গৈছে ৷ জানিব পৰা মতে কৌশিক গগৈয়ে আন দুজন বন্ধুৰ সৈতে সন্ধিয়া আহাৰ গ্ৰহণ কৰাৰ উদ্দেশ্যৰে উপস্থিত হৈছিল জাইকা ধাবাত (Zaika dhaba in Dibrugarh)। খাদ্য গ্ৰহণ কৰাৰ পিছতে বিল পৰিশোধক লৈ বাক বিতণ্ডাত লিপ্ত হয় কৌশিক গগৈ নামৰ ধাবালৈ অহা লোকজনে । খাদ্য পৰিৱেশনৰ বিনিময়ত প্ৰাপ্য মূল্যখিনি বিচৰাৰ বাবেই ধাবাৰ কৰ্মচাৰীসকলক কৌশিক গগৈ নামৰ লোকজনে অশ্ৰাব্য ভাষাৰে গালি গালাজ কৰা বুলি ধাবাখনৰ কৰ্মচাৰীয়ে জানিবলৈ দিয়ে । আনকি শিলগুটি পৰ্যন্ত ধাবাখনলৈ উদ্দেশি দলিওৱা বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে ধাবাখনৰ কৰ্মচাৰীয়ে ৷ 

উক্ত সময়চোৱাত ধাবাখনত উপস্থিত থকা আন লোকসকলৰ লগতে ধাবা কৰ্তৃপক্ষই কৌশিক গগৈক বাধা দিওঁ বুলি আগবাঢ়ি যাওঁতেই শূন্যতেই দুই জাঁই গুলী চলাই নিজৰ বাহন লৈ উক্ত কৌশিক গগৈয়ে সেই ঠাইৰ পৰা পলায়ন কৰে । সেই সময়ত কৌশিক গগৈৰ লগত মুনিন গগৈ নামৰ এজন যুৱক আৰু দুগৰাকী যুৱতী আছিল বুলি সেই স্থানত উপস্থিত প্ৰত্যক্ষদৰ্শীৰ পৰা জানিব পৰা গৈছিল ।

ইতিমধ্যে বৰবৰুৱা আৰক্ষীয়ে কৌশিক গগৈ আৰু মুনিন গগৈক আটক কৰি জেৰা অব্যাহত ৰাখিছে । কৌশিক গগৈৰ মৰাণহাটৰ গৃহতো আৰক্ষীয়ে গুলীচালনা সংঘটিত কৰা বন্দুকটো বিচাৰি তালাচী চলাইছিল যদিও বন্দুকটো জব্দ কৰিবলৈ সক্ষম হোৱা নাই । জানিব পৰা মতে, AS 06 AA 1807 নম্বৰৰ এখন বগা ৰঙৰ বলেৰ' বাহনত আহিছিল কৌশিক গগৈৰ লগতে যুৱতীসহ বাকী লোককেইজন। 

ঘটনা সন্দৰ্ভত অঞ্চলজুৰি বৰ্তমানেও অব্যহত আছে চাঞ্চল্যৰ ৷

লগতে পঢ়ক : Assam action on child marriage: বাল্য বিবাহৰ গোচৰ সম্পৰ্কত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ আৰক্ষীক কঠোৰ সমালোচনা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.