ETV Bharat / state

Assam action on child marriage: বাল্য বিবাহৰ গোচৰ সম্পৰ্কত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ আৰক্ষীক কঠোৰ সমালোচনা

author img

By

Published : Feb 15, 2023, 11:02 AM IST

HC strongly criticized the police role
বাল্য বিবাহৰ ক্ষেত্ৰত POSCO আৰোপ কৰাক লৈ চৰকাৰক সমালোচনা HC ৰ

বাল্য বিবাহ সংক্ৰান্তীয় গোচৰৰ ক্ষেত্ৰত আৰক্ষীৰ ভূমিকাক কঠোৰ ভাষাৰে সমালোচনা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ (Guwahati High Court slammed Assam police) ৷ বাল্য বিবাহৰ ক্ষেত্ৰত POSCO আৰোপ কৰাক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ওচৰত জবাবদিহি হ’ল অসম আৰক্ষী ৷

গুৱাহাটী, 15 ফেব্ৰুৱাৰী : বাল্য বিবাহ সম্পৰ্কীয় গোচৰত মঙ্গলবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰে এক শুনানি (Guwahati High Court slammed Assam police) ৷ শুনানিত আদালতে আৰক্ষীৰ ভূমিকাক কঠোৰ ভাষাৰে সমালোচনা কৰে (HC reaction on child marriage case) । বাল্য বিবাহৰ গোচৰত অভিযুক্তক জেৰাৰ বাবে অযথা জিম্মাত ৰখা আৰু অভিযুক্তৰ বিৰুদ্ধে শিশুক যৌন নির্যাতনৰপৰা সুৰক্ষা (প’কছ’) আইনৰ ধাৰা আৰোপ কৰা বিষয়ক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে আৰক্ষী তথা চৰকাৰী পক্ষক জবাবদিহি কৰে (HC hold Police accountable for imposing POCSO on child marriage case) ।

চৰকাৰে শেহতীয়াকৈ চলোৱা বাল্য বিবাহবিৰোধী অভিযানৰ সময়ত গ্রেপ্তাৰ কৰা অভিযুক্তৰ জামিন আৰু একাধিক অভিযুক্তৰ আগতীয়া জামিন মঞ্জুৰ কৰি উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সুমন শ্যামৰ বিচাৰপীঠে আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়াত গভীৰ অসন্তুষ্টি ব্যক্ত কৰে । এইবোৰ অভিযুক্তক জিম্মাত ৰাখি জেৰা কৰা প্ৰয়োজন থকা গোচৰ নহয় বুলি বিচাৰপীঠে মন্তব্য কৰে । অভিযুক্তৰ জামিনৰ বিৰোধিতা কৰা চৰকাৰী অধিবক্তাক বিচাৰপীঠে “জিম্মাত ৰাখি অভিযুক্তক জেৰা কৰি আপোনালোকে কি পাম বুলি ভাবিছে বুলি প্ৰশ্ন তোলে ৷ এইবোৰ এন ডি পি এছ (ড্ৰাগ্‌ছ), চোৰাং কাৰবাৰ বা চুৰিৰ গোচৰ নেকি বুলি চৰকাৰী পক্ষৰ অধিবক্তাক প্ৰশ্ন উত্থাপন কৰাৰ লগতে, আৰক্ষীয়ে গোচৰৰ তদন্ত কৰক; অভিযোগনামা দাখিল কৰক। আদালতে নিৰ্দ্ধাৰণ কৰিব— দোষী যদি দোষী সাব্যস্ত হ’ব বুলি নিৰ্দেশ প্ৰদান কৰে (Mission Against Child marrige in Assam)।

ন্যায়াধীশ শ্যামে বাল্য বিবাহ আদৰণীয় বিষয়েই নহয় , ই নিশ্চয়কৈ গর্হিত কাম বুলি উল্লেখ কৰি সঠিক সময়ত ন্যায়ালয়ে মন্তব্য আগবঢ়াব বুলি উল্লেখ কৰে । তদুপৰি বৰ্তমান সময়ত গ্ৰেপ্তাৰ কৰাসকলক বন্দী কৰি ৰখাৰ প্রয়োজন আছে নে নাই সেয়া বিবেচনা কৰাটো প্ৰয়োজনীয় বুলি উল্লেখ কৰে । "আমি তেওঁলোকক (অভিযুক্ত) জবানবন্দী দিয়াৰ বাবে হাজিৰ হ'বলৈ (আৰক্ষীৰ ওচৰত) নিৰ্দেশ দিম । এইবোৰ গোচৰত জিম্মাত ৰাখি জেৰা কৰাৰ প্ৰয়োজন ক’ত ?’ বুলি ন্যায়াধীশ সুমন শ্যামৰ বিচাৰপীঠে প্ৰশ্ন উত্থাপন কৰে (HC reacts on Assam police action on child marriage)৷

আদালতত চৰকাৰী অধিবক্তাই অভিযুক্তসকলৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ থকা তেওঁলোকৰ বিৰুদ্ধে প’কছ’ৰ ধাৰা আৰোপ কৰাৰ যুক্তি দৰ্শাই জামিনৰ বিৰোধিতা কৰে । চৰকাৰী অধিবক্তাৰ এই বক্তব্যত হস্তক্ষেপ কৰি ন্যায়াধীশ শ্যামে মন্তব্য কৰে— ‘প’কছ’, প'ছ' কি, আপোনালোকে যিকোনো আৰোপ কৰিব পাৰে । প’কছ’ আৰোপ কৰিলে বুলিয়েই ন্যায়াধীশে ইয়াত কি আছে নাচাব বুলি ধৰি লৈছে কিয় ? আমি কোনো লোকক নির্দোষী ঘোষণা কৰা নাই।'

বাল্য বিবাহ সংক্ৰান্তীয় গোচৰবোৰৰ অভিযুক্তৰ জামিন আবেদনৰ শুনানিৰ সময়ত বিচাৰপীঠে সেই সময়ত আদালত কক্ষত থকা জ্যেষ্ঠ অধিবক্তা অংশুমান বৰাৰ মতামত বিচাৰে । বৰায়ো বিচাৰপীঠৰ মন্তব্যক সমর্থন কৰে আৰু কয়— ‘এইসকল দুৰ্দ্ধর্ষ অপৰাধী নহয়। গ্ৰেপ্তাৰৰ কি প্রয়োজন আছে? আৰক্ষীয়ে অভিযোগনামা দাখিল কৰিব বা ৰাইজক সজাগ কৰি উপযুক্ত বার্তা প্ৰেৰণ কৰিব পাৰে ।'

এই প্ৰসংগতে ন্যায়াধীশ শ্যামে চৰকাৰী অধিবক্তাক প্ৰশ্ন কৰে— ‘আপোনালোকে মানুহৰ ব্যক্তিগত জীৱনত কিয় বিভীষিকা সৃষ্টি কৰিব বিচাৰিছে ? তেওঁলোকৰ ঘৰত পা-পৰিয়াল আছে, সন্তান আছে, বৃদ্ধ লোক আছে ।' উল্লেখ্য যে উচ্চ ন্যায়ালয়ে বাল্য বিবাহৰ গোচৰৰ এজন ধৃত অভিযুক্তৰ জামিন আৰু নজন অভিযুক্তৰ আগতীয়া জামিন মঞ্জুৰ কৰে । আগতীয়া জামিন মঞ্জুৰ কৰাসকলৰ গোচৰৰ কেছ ডায়েৰী অহা ১৩ মাৰ্চত দাখিল কৰিবলৈ আৰক্ষীক আদালতে নির্দেশ দিয়ে ।

লগতে পঢ়ক : Brutal murder at rehab center: নিচামুক্তি কেন্দ্ৰত সংঘটিত নৃশংস হত্যাকাণ্ড সন্দৰ্ভত অব্যাহত প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.