Shocking robbery incident: মহানগৰীত শিহৰণকাৰী ডকাইতিৰ ঘটনা

By

Published : Mar 11, 2023, 12:17 PM IST

thumbnail

গুৱাহাটী, ১০ মাৰ্চ : গুৱাহাটী মহানগৰীৰ নুনমাটিত শুকুৰবাৰে দিন-দুপৰতে সংঘটিত হয় এক চাঞ্চল্যকৰ ডকাইতিৰ ঘটনা । কোনো অচিনাক্ত দুৰ্বৃত্তৰ দলে নুনমাটি পেট্ৰ’ল পাম্পৰ সমীপত ৰাজপথৰ কাষত পাৰ্কিং কৰি থোৱা চাৰিচকীয়া বাহন এখনৰ গ্লাচ ভাঙি চূৰ্ণ-বিচূৰ্ণ কৰে আৰু নগদ ৬৫ হাজাৰ টকা লুটি লৈ যায় ৷

নুনমাটিত সংঘটিত হোৱা এই চাঞ্চল্যকৰ দিন-ডকাইতিৰ ঘটনাই এতিয়া সকলোকে কঁপাই তুলিছে (Shocking robbery incident in Guwahati) ৷ গাড়ীৰ গ্লাচ ভাঙি নগদ ৬৫ হাজাৰ টকা লুটি লৈ যোৱা ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে । আৰক্ষী সূত্ৰে জানিব পৰা মতে, নুনমাটিৰ লুইত নগৰৰ গজেন কলিতাই আজি তেওঁৰ এ এছ ০১ এফ এফ ৬৬৭২ নম্বৰৰ চাৰি চকীয়া বাহনখনেৰে নুনমাটিত বজাৰ কৰিবলৈ আহোঁতে এই চুৰি ঘটনা সংঘতিত হয় ।

বজাৰ কৰি আহি পাৰ্কিং কৰা স্থানত গাড়ীৰ গ্লাচ ভাঙি থকা প্ৰত্যক্ষ কৰি তেওঁৰ সন্দেহ ওপজে আৰু লগে লগে আৰক্ষীক খবৰ দিয়ে (Guwahati robbery incident) । ঘটনাস্থলীত নুনমাটি আৰক্ষী উপস্থিত হৈ বৰ্তমান উক্ত ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে । বাতৰি যুগুত কৰা সময়লৈকে ঘটনাৰ সৈতে জড়িত কোনো দুৰ্বৃত্তক আটক কৰিবলৈ সক্ষম হোৱা নাই নুনমাটি আৰক্ষী ।

লগতে পঢ়ক : Heated situation over an accident: দুৰ্ঘটনাক কেন্দ্ৰ কৰি মংগলদৈৰ মোৱামাৰীত উত্তপ্ত পৰিস্থিতি, ঘটনাস্থলীত গুলীচালনা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.