Heated situation over an accident: দুৰ্ঘটনাক কেন্দ্ৰ কৰি মংগলদৈৰ মোৱামাৰীত উত্তপ্ত পৰিস্থিতি, ঘটনাস্থলীত গুলীচালনা

By

Published : Mar 11, 2023, 8:31 AM IST

Updated : Mar 11, 2023, 9:03 AM IST

thumbnail

মংগলদৈ, 11 মাৰ্চ : মংগলদৈৰ নিকটৱৰ্তী মোৱামাৰীত এটা দুৰ্ঘটনাক কেন্দ্ৰ কৰি শুকুৰবাৰে নিশা সংঘটিত হয় এক উত্তপ্ত পৰিস্থিতি (Heated situation over an accident) ৷ ঘটনাস্থলীত স্থানীয় ব্যৱসায়ী পৱিত্ৰ ডেকাই কৰিলে গুলীচালনা ৷ সমগ্ৰ ঘটনাটোত তিনিজনকৈ লোক আহত হয় ৷

জানিব পৰা মতে, স্কীল ইউনিভাৰ্ছিটিৰ বাবে মাটি কঢ়িয়াই লৈ গৈ থকা অৱস্থাত এখন ডাম্পাৰে মহতিয়াই নিলে বাইকসহ এজন আৰোহীক ৷ ইয়াৰ পাছতেই দুৰ্ঘটনাস্থলীত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ ইফালে আহত বাইক আৰোহীজনক ততাতৈয়াকৈ উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হয় । 

দুৰ্ঘটনাটোৰ কথা জানিব পাৰি সেই স্থানত উপস্থিত স্থানীয় ৰাইজে দুঘটনা সংঘটিত কৰা ডাম্পাৰখন আবদ্ধ কৰাৰ লগতে চালকক আক্ৰমণ কৰিবলৈ উদ্যত হয় ৷ তেনে সময়ত ডাম্পাৰখনৰ মালিকজনো ঘটনাস্থলীত উপস্থিত হোৱাত উত্তেজিত ৰাইজে তেওঁকো প্ৰহাৰ কৰে ৷ তেনে পৰিপেক্ষিতত আত্মৰক্ষাৰ বাবে মংগলদৈৰ ব্যৱসায়ী পৱিত্ৰ ডেকাই নিজৰ লগত ৰখা পিষ্টলটোৰে শূণ্যলৈ দুই জাই গুলীচালনা কৰে (Businessman blank fire in self-defense) ।

আত্মৰক্ষাৰ বাবে ব্যৱসায়ী ডেকাই নিজৰ লাইচেন্স থকা পিষ্টলটোৰে শূণ্যলৈ দুই জাই গুলী ফুটাই কোনোমতে ঘটনাস্থলীৰ পৰা আঁতৰি আহে । একাংশ লোকৰ আক্ৰমণত আহত হোৱা ব্যৱসায়ীজনক তেখেতৰ পৰিয়ালৰ লোকে মংগলদৈ অসামৰিক চিকিৎসালয়লৈ লৈ যায় ৷ 

স্থানীয় ৰাইজৰ অভিযোগ, দুৰ্ঘটনাটো সংঘটিত হোৱা স্থানত সঘনাই সংঘটিত হৈ আহিছে এনেধৰণৰ বহুকেইটা দুৰ্ঘটনা । বিগত দুই তিনিমাহৰ ভিতৰতে কেইবাজনো লোকৰ ডাম্পাৰ আৰু ট্রেক্টৰৰ খুন্দাত আহত হোৱাৰ লগতে কেইবাজনো লোকৰ মৃত্যু হৈছে  ৷  

লগতে পঢ়ক : Wild Elephant tense situation: বন্যহস্তীয়ে নিদ্ৰা হৰিছে শ্ৰীপুৰবাসীৰ

Last Updated : Mar 11, 2023, 9:03 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.