Robbery in Golaghat: গোলাঘাট ৰাইডঙ্গীয়া গাঁৱত ডকাইতি কাণ্ড

By

Published : Mar 29, 2023, 1:51 PM IST

thumbnail

গোলাঘাট, 29 মাৰ্চ: গোলাঘাটৰ কমাৰন্ধাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ কমাৰন্ধাৰ ৰাইডঙ্গীয়া গাঁৱত বুধবাৰে পুঁৱতি নিশা সংঘটিত হৈছে গুলী চালনাৰ ঘটনা (Firing in Golaghat Kamarbandha) ৷ ডকাইতৰ এটা দলে এঘৰত প্ৰৱেশ কৰি পৰিয়ালটোৰ লোকক আক্ৰমণ কৰাৰ লক্ষৰে কৰিছিল গুলী চালনা (Robbery in Golaghat) ৷

জানিব পৰা মতে পুঁৱতি নিশা প্ৰায় ডেৰমান বজাত যোগেশ নাথ নামৰ এজন লোকৰ বাসগৃহত প্ৰায় ছয়-সাত জনীয়া এটা ডকাইতৰ দল প্ৰৱেশ কৰে ৷ প্ৰথমে আবাস গৃহটোৰ তলৰ মহলাত থকা যোগেশ নাথ আৰু তেখেতৰ পত্নীক হাত-ভৰি বন্ধাৰ পাছত বাসগৃহৰ ওপৰৰ মহলত থকা যোগেশ নাথৰ বৰ পুত্ৰ অনন্ত নাথক হাত বান্ধিবলৈ চেষ্টা কৰাৰ লগতে আনটো কোঠাত থকা বিবেক নাথৰ ৰুমত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰে (Robbery in Kamarbandha) ৷

তেনে সময়তে সুযোগ বুজি বিবেক নাথৰ জেষ্ঠ্য ভাতৃ অনন্তই হাততে পোৱা এখন চকীৰে প্ৰত্যাক্ৰমণ কৰাত ডকাইতৰ দলটোৱে গুলী চালনা কৰে আৰু আন্ধাৰৰ সুযোগ বুজি পলায়ন কৰে ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰে ৷ এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত ৷

উল্লেখযোগ্য যে, গোলাঘাট জিলাৰ বিভিন্ন ঠাইত সঘনাই সংঘটিত হৈ থকা ডকাইটি কাণ্ডই চিন্তিত কৰি তুলিছে জনসাধাৰণক ৷ আৰক্ষীয়ে সময় থাকোতেই যদি উচিত পদক্ষেপ গ্ৰহণ নকৰে তেন্তে জিলাখনত ডকাইতৰ দলটোৱে এটাৰ পাছত এটা ডকাইটিৰ ঘটনা সংঘটিত কৰিব পাৰে বুলি অনুমান কৰিছে ৰাইজে (Sensational robbery at kamarbandha in Golaghat) ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.