আলফা-চৰকাৰৰ শান্তিচুক্তিত লাভান্বিত হ’ল ড৹ শৰ্মা: উপমন্যু হাজৰিকা

By ETV Bharat Assamese Team

Published : Jan 3, 2024, 5:50 PM IST

thumbnail

গুৱাহাটী, ৩ জানুৱাৰী: আলফাৰ আলোচনাপন্থী গোটে চৰকাৰৰ লগত কৰা চুক্তিখন ভেকোভাওনাৰ চুক্তি বুলি অভিযোগ কৰিছে প্ৰব্ৰজন বিৰোধী মঞ্চৰ আহ্বায়ক তথা বিশিষ্ট অধিবক্তা উপমন্যু হাজৰিকাই । বুধবাৰে গুৱাহাটীত অনুষ্ঠিত এখন সংবাদমেলত তেওঁ কয় যে আলোচনাপন্থী আলফাই চৰকাৰৰ লগত কৰা চুক্তিখন ভাওনা পাতিবলৈ কৰা এক চুক্তি, য'ত লাভত থকিল কেৱল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । কিয়নো ঢোল-দগৰ বজাই তেওঁ ৰাষ্ট্ৰীয় পৰ্যায়ত কৃতিত্ব ল’লে যে চুক্তিৰ যোগেৰে অসমলৈ শান্তি আহিল আৰু ১ লাখ ৮৫ হাজাৰ কোটি টকাৰ চৰকাৰী আঁচনিও আহিল ।

তেওঁ কয় যে চুক্তিত খিলঞ্জীয়াৰ অধিকাৰৰ সুৰক্ষা প্ৰদান কৰাক লৈ কোনো কথা উল্লেখ নাই । বৰ্তমান সময়ত যি ভূমি আৰু চৰকাৰী চাকৰি, চৰকাৰী আঁচনি খিলঞ্জীয়া মানুহৰ হাতৰ পৰা বাংলাদেশীলৈ গৈ আছে , ইয়াক ৰোধ কৰাক লৈ কোনো উল্লেখেই নাই । ২০৪০ চনৰ পূৰ্বে অসমত খিলঞ্জীয়া সংখ্যালঘু হ’ব তাক ৰোধ কৰাক লৈও একো কথা উল্লেখ নাই চুক্তিত ।

তেওঁ কয় যে ৰাজনৈতিক ক্ষেত্ৰত যি প্ৰতিশ্ৰুতি দিছে , তাৰ প্ৰায়ভাগেই আইনগতভাৱে ইতিমধ্যে সন্নিবিষ্ট হৈয়ে আছে । যেনে দফা ২.৫ অনুসৰি প্ৰতিশ্ৰুতি দিয়া হৈছে যে কোনো এজন ব্যক্তিক এটাতকৈ বেছি সমষ্টিত ভোটাৰ হিচাপে নাম পঞ্জীয়ন কৰিবলৈ দিয়া নহ’ব । এই দফাৰ কোনো প্ৰয়োজনেই নাই, কিয়নো Representation of the people ACT,1950ৰ 17 নম্বৰ দফাত একেটা বিষয় লৈ একেটা কথাই কোৱা হৈছে যে কোনো এজন ব্যক্তিৰ নাম এটাতকৈ বেছি সমষ্টিৰ ভোটাৰ তালিকাত নিষিদ্ধ কৰা হৈছে । যেতিয়া আইন মতেই নিষিদ্ধ, ইয়াক চুক্তি এখনত অন্তৰ্ভুক্ত কৰাৰ কোনো প্ৰয়োজন নাথাকে ।

লগতে পঢ়ক: দেৰগাঁৱৰ ভয়ংকৰ দুৰ্ঘটনাত দুখ প্ৰকাশ মন্ত্ৰী অজন্তা নেওগৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.