Maidam in Charaideu: চৰাইদেউত মৈদাম ক্ষেত্ৰৰ সংৰক্ষণ সন্দৰ্ভত কৰ্মশালা

By

Published : Jun 4, 2023, 3:30 PM IST

thumbnail

মৰাণ, ৪ জুন: বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভৰ দিশে আগবঢ়া চৰাইদেউ মৈদাম ক্ষেত্ৰ সন্দৰ্ভত শনিবাৰৰ পৰা পাঁচদিনীয়াকৈ এখন আলোচনা চক্ৰ আৰু কৰ্মশালাৰ আয়োজন কৰা হৈছে । সোণাৰিস্থিত চৰাইদেউ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আয়োজন কৰা হয় এই অনুষ্ঠানৰ (Seminar on Maidam area at Sonari) ।  

অসম চৰকাৰৰ প্ৰত্নতত্ব সঞ্চালকালয়ৰ উদ্যোগত আয়োজিত কৰা হয় ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই আলোচনা চক্ৰ তথা কৰ্মশালাখন । চৰাইদেউত থকা ৰাজকীয় মৈদামসমূহৰ সংহত সংৰক্ষণ আৰু বিস্তৃত ব্যৱস্থাপনা, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ঐতিহ্য ক্ষেত্ৰসমূহৰ আধাৰত অন্তৰ্দৃষ্টি শীৰ্ষক এই আলোচনা চক্ৰখন শনিবাৰে শুভাৰম্ভ কৰা হয় (Seminar and workshop in Sonari) ।  

এই অনুষ্ঠানত নাজিৰা সমষ্টিৰ বিধায়ক তথা অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ লগতে কেন্দ্ৰীয় আৰু ৰাজ্যিক প্ৰত্নতত্ব বিভাগৰ বিষয়াসকলৰ ওপৰিও বিভিন্ন দল-সংগঠনৰ সদস্যসকলে অংশগ্ৰহণ কৰে । বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভৰ দিশত আগবঢ়া চৰাইদেউ মৈদামৰ সকলো দিশ পৰ্যালোচনা কৰা বাবে মূলতঃ এই আলোচনাচক্ৰ অনুষ্ঠিত কৰা হৈছে (Charaideu Maidam news) । 

লগতে পঢ়ক: Poor electricity connection : টকা নিদিয়াৰ বাবে গাঁৱত নাই বিদ্যুতৰ খুঁটা; বিপদসংকুলভাৱে ওলমিছে বৈদ্যুতিক তাঁৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.