Scam in Anganwadi Centre : অংগনৱাড়ী কেন্দ্ৰত কৰ্মী-সহায়িকাই খাইছে শিশুৰ পুষ্টিকৰ খাদ্য

By ETV Bharat Assamese Team

Published : Sep 23, 2023, 5:14 PM IST

thumbnail

দলগাঁও, ২৩ ছেপ্টেম্বৰ: অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ পূৱ মঙলদৈ সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনস্থ তথা ধূলা গাঁও পঞ্চায়তৰ অন্তৰ্গত ২ নং মাগুৰমাৰী গাঁৱৰ এটা অংগনৱাড়ী কেন্দ্ৰ সোণৰ কণী পৰা হাহঁত পৰিণত হৈছে । এই কেন্দ্ৰটোৰ সৰহ সংখ্যক শিশুই চৰকাৰী সা- সুবিধাৰ পৰা বঞ্চিত হব লগীয়া হৈছে । কেন্দ্ৰটোৰ কৰ্মী-সহায়িকা আৰু পৰিচালনা সমিতিৰ একাংশই কণ কণ শিশুৰ ভৱিষ্যতকলৈ হেতালি খেলাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অভিভাৱক সকলে ।  

অভিযোগ মতে, ২ নং মাগুৰমাৰী গাঁৱৰ‌ ৮ নং অংগনৱাড়ী কেন্দ্ৰটো নামত আছে যদিও শিশুৰ বাবে নাই ন্য়ূনতম সা-সুবিধা । এই কেন্দ্ৰটোৰ নামত আছে সৰু এখন ভঙা টিনৰ চালি । নাই কোনো ধৰণৰ বহাৰ‌ সা-সুবিধা । নাই বিশুদ্ধ ‌খোৱা পানীৰ ব্যৱস্থা । বহাৰ বাবে হাতে হাতে বস্তা লৈ‌ আহে শিশুসকলে ।

কেন্দ্ৰটোৰ কৰ্মী-সহায়িকা মাহৰ অধিক দিন উপস্থিত নাথাকে । মাহত কেইদিনমান উপস্থিত হয় যদিও কিছু সময় পিছত পুনৰ ঘৰলৈ উভতি যায় । কোনো ধৰণৰ গুৰুত্ব নাই শিশুৰ শাৰীৰিক আৰু মানসিক বিকাশৰ প্ৰতি । সমাজ কল্যাণ বিভাগে যোগান ধৰা শিশুৰ পুষ্টিকৰ খাদ্যকে ধৰি বহু সা-সুবিধাৰ পৰা বঞ্চিত কৰাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে । এনেকৈ চলিছে পূৱ মঙলদৈ সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনস্থ মাগুৰমাৰী গাঁৱৰ ‌একাংশ অংগনৱাড়ী কেন্দ্ৰ ।

লগতে পঢ়ক:Bhoot jolokia in Assam : অবিশ্বাস্য প্ৰতিভাৰ জৰিয়তে গ্ৰিনিজ বুক অফ ৰেকৰ্ডত নাম অন্তৰ্ভুক্ত কৰিবলৈ আগ্ৰহী তিনিচুকীয়াৰ ভলং

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.