Manipur violence: বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ যুগত মণিপুৰৰ ঘটনা দূৰ্ভাগ্যজনক ; পীতাম্বৰ দেৱগোস্বামী

By

Published : Jul 23, 2023, 6:48 PM IST

thumbnail

মাজুলী, ২৩ জুলাই: দেশৰ লগতে সমগ্ৰ বিশ্বকে জোঁকাৰি যোৱা মণিপুৰ কাণ্ডক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড৹ পীতাম্বৰ দেৱগোস্বামীয়ে । তেওঁ কয়,"মণিপুৰত শেহতীয়াকৈ যি ঘটনা সংঘটিত হৈছে ইয়াতকৈ দুৰ্ভাগ্যজনক কথা একো থাকিব নোৱাৰে । নাৰী হৈছে মূল প্ৰকৃতি আৰু সেই নাৰীক যেতিয়া অসন্মান কৰা হয় প্ৰকৃতি তথা সমাজখন অস্থিৰ হয় । বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ যুগত মণিপুৰৰ এই ঘটনা অতি দূৰ্ভাগ্যজনক।" 

এই কাৰ্য ইমানতে শেষ হওঁক বুলি তেওঁ কয় । তেওঁ কয় যে পুৰুষৰ লগতে মহিলাক সমমৰ্যাদা দিব লাগে । মণিপুৰ ঘটনা সমাধানৰ ক্ষেত্ৰত চৰকাৰ, বেচৰকাৰী সংস্থাসমূহে ব্যৱস্থা গ্ৰহণ কৰিবলৈ তেওঁ আহ্বান জনায়।

ইপিনে, এগৰাকী বৈষ্ণৱ প্ৰভাত বুঢ়া ভকতে কয় যে মানৱ সমাজৰ নাৰী হ'ল লক্ষ্মী স্বৰূপা । এই নাৰী গৰাকীৰ মিছা বদনাম দি যি হিংসাত্মক ঘটনাৰ সৃষ্টি হৈছে এই ঘটনা অতি নিন্দনীয় । মানৱ সমাজে এনেকুৱা কাম কেতিয়াও কৰিব নালাগে বুলি মন্তব্য কৰে বৈষ্ণৱগৰাকীয়ে । 

লগতে পঢ়ক:Tinsukia ATASU Press Meet: আটাছুৰ সভাপতিৰ অপসাৰণক লৈ যুযুধান তিনিচুকীয়া জিলা সমিতি

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.