ETV Bharat / state

অপহৰণ নে আন কিবা ! তিনি নাবালক নিখোজ হোৱাক লৈ ৰহস্য ঘনীভূত - DOOM DOOMA MINOR MISSING CASE

author img

By ETV Bharat Assamese Team

Published : May 18, 2024, 12:10 PM IST

Doom Dooma missing case : আকৌ অপহৰণকাণ্ড ৷ প্ৰত্যক্ষদৰ্শীয়ে উল্লেখ কৰা অনুসৰি এইবাৰ ডুমডুমাত সংঘটিত হৈছে অপহৰণকাণ্ড ৷ কিন্তু আৰক্ষীৰ মতে, এয়া এক ভুৱা প্ৰচাৰহে ৷ যদি এই বাতৰি ভুৱাই হয়, তেন্তে ক’ত গ’ল তিনি নাবালক শিশু ? প্ৰশ্ন বহুত, উত্তৰৰ নামৰ এটা ডাঙৰ শূন্য ৷

Doom Dooma missing case
ক’ত গ’ল তিনি নাবালক শিশু ? (ETV Bharat Assam)

ক’ত গ’ল তিনি নাবালক শিশু ? (ETV Bharat Assam)

তিনিচুকীয়া, 18 মে’ : কোন সঁচা কোন মিছা ? প্ৰকৃততে তিনিচুকীয়া জিলাৰ ডুমডুমাত সংঘটিত হৈছে নে অপহৰণৰ ঘটনা ৷ সঁচাকৈ স্থানীয় একাংশ লোকে কোৱাৰ দৰে ডুমডুমাৰ বিচাকুপি 50 নং লাইনৰ সমীপৰ বাইপাছৰ পৰা কোনো লোকে বলপূৰ্বকভাৱে এখন বগা ৰঙৰ ISUZU বাহনত উঠাই লৈ গৈছে নে তিনি নাবালকক ? ৰাইজে উল্লেখ কৰা মতে, দুটা নাবালকৰ লগত আছিল এটি কণমানি শিশু ৷

ঘটনাক লৈ উত্থাপন হৈছে বহু প্ৰশ্নৰ ৷ কিন্তু উত্তৰ নামত বৰ্তমান পৰ্যন্ত একোৱে নাই ৷ কোনেও বৰ্তমানলৈকে গম পোৱা নাই প্ৰকৃততে অচিনাক্ত দুৰ্বৃত্তই বিলাসী বাহনত উঠাই লৈ গৈছে নে তিনি নাবালকক ? নে এয়া মাত্ৰ মনে সজা এটা কাহিনীহে মাথোঁ !

ঘটনাৰ বিৱৰণি অনুসৰি, শুকুৰবাৰে তিনিচুকীয়া জিলাৰ ডুমডুমাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ স্থানীয় এজন প্ৰত্যক্ষদৰ্শীয়ে উল্লেখ কৰা অনুসৰি এখন বগা ৰঙৰ ISUZU বাহনত অহা অচিনাক্ত দুৰ্বৃত্তই বিচাকুপি 50 নং লাইনৰ সমীপৰ বাইপাচত বাহন ৰখাই তিনি নাবালকক বাহনত বলপূৰ্বক তুলি লৈ উক্ত স্থানৰ পৰা উধাও হয় ৷ এই দৃশ্য প্ৰত্যক্ষ কৰাৰ পাচতে স্থানীয় লোকজনে অঞ্চলটোৰ আন একাংশ লোকক অৱগত কৰে ৷ আনকি লগে লগে গাঁওৰক্ষী বাহিনীকো খবৰ দিয়া হয় ৷

বন জুইৰ দৰে এই খবৰ বিয়পি পৰাৰ পাচতে অঞ্চলটোত সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশৰ ৷ কিছু সময়ৰ ব্যৱধানতে উক্ত স্থানত উপস্থিত হয় গাঁওৰক্ষী বাহিনীৰ লগতে বহু লোক ৷ ইফালে আৰক্ষীয়েও আনকি এই অপহৰণৰ বিষয়ে জানিব পাৰি অৰুণাচলৰ নামচাই দিশে দুৰ্বৃত্তৰ বাহনক বিচাৰি যায় ৷ কিন্তু বৰ্তমান পৰ্যন্ত উলিয়াব পৰা নাই ঘটনাৰ কোনো শুংসূত্ৰ ৷

শেহতীয়াকৈ লাভ কৰা তথ্য অনুসৰি, ডুমডুমাৰ এগৰাকী স্থানীয় সাংবাদিকৰ সৈতে আৰক্ষীয়ে এই সন্দৰ্ভত ফোনযোগে বাৰ্তালাপ কৰে ৷ তেতিয়া ডুমডুমা আৰক্ষীৰ এজন লোকে এই সন্দৰ্ভত কয় যে ঘটনাৰ সন্দৰ্ভত বৰ্তমান পৰ্যন্ত কোনোধৰণৰ লিখিত অভিযোগ থানাত দাখিল কৰা হোৱা নাই ৷ কাৰ সন্তান নিৰুদ্দেশ হৈছে সেই সন্দৰ্ভতো কোনেও অভিযোগ দাখিল কৰা নাই ৷ এইবোৰলৈ লক্ষ্য কৰি সম্ভৱত উক্ত অঞ্চলত এনে কোনো ঘটনা সংঘটিত হোৱাই নাই ৷

লগতে ডুমডুমা আৰক্ষীয়ে কয় যে এই ঘটনাৰ বহু সময়ৰ পাচতহে আৰক্ষীক অৱগত কৰোৱা হৈছে ৷ খবৰ পোৱাৰ পাচতে আৰক্ষীয়ে প্ৰত্যক্ষদৰ্শীয়ে উল্লেখ কৰাৰ দৰে বাহনখন বিচাৰি যোৱা হয় যদিও কোনো সম্ভেদ লাভ কৰিব পৰা নগ’ল ৷ আৰু যদিহে কোনো লোকৰ সন্তান নিৰুদ্দেশ হৈছে, তেতিয়া হয়তো অভিভাৱকে বিচাৰি আহিলেহেতেন নাইবা আৰক্ষীৰ কাষ চাপিলেহেতেন ৷

‘‘গাড়ী-মটৰ দেখিলে সৰু সৰু ল’ৰা-ছোৱালীয়ে সততে পিছে পিছে দৌৰি যোৱা দেখা যায় ৷ সম্ভৱতঃ এয়াও তেনেকুৱা এক ঘটনাই ৷ প্ৰত্যক্ষদৰ্শীয়ে হয়তো ভুল দৃশ্যাংশ প্ৰত্যক্ষ কৰিলে ৷ কিন্তু এই ঘটনা সন্দৰ্ভত কোনো সম্ভেদ লাভ কৰিলে আমি এতিয়াও অভিযানত নামিবলৈ সাজু আছো ৷’’ ডুমডুমা আৰক্ষীয়ে কয় ৷

লগতে পঢ়ক :

চাৰি মাহ ধৰি সন্ধানহীন এছডিআৰএফ জোৱান অমল দাসৰ পৰিয়ালে লাভ কৰা নাই দৰমহা - SDRF Jawan Missing

ছয়গাঁৱত ৰহস্য়জনকভাৱে সন্ধানহীন যুৱক - Youth missing in Chaygaon

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.