Tiger menace at Kaliabor: ঢেকীয়াপতীয়াৰ বিচৰণে টোপনি হৰিছে কলিয়াবৰবাসীৰ

By

Published : Mar 11, 2023, 1:18 PM IST

thumbnail

কলিয়াবৰ,১১ মাৰ্চ: কলিয়াবৰত ঢেকীয়াপতীয়াৰ আতংক অব্যাহত । বিগত কেইবাদিনো ধৰি ঢেকীয়াপতীয়াৰ বিচৰণে ত্ৰাসিত কৰি ৰাখিছে কলিয়াবৰবাসীক(Royal Bengal Tiger terror in Kaliabor) । কলিয়াবৰৰ শিলঘাটৰ ৰবৰবাৰী, ত্ৰিশূলধাৰী মন্দিৰলৈ যোৱা পথ, হাতীমূৰা অঞ্চলত বাঘৰ সঘন বিচৰণে আতংকিত কৰি তুলিছে সৰ্ব-সাধাৰণ ৰাইজক । অঞ্চলটোত গৃহস্থৰ গোহালিৰ গৰু, ছাগলী নিধন কৰিছে বনৰজাই(Free movement of Royal Bengal Tiger at Kaliabor) ।  

হাতীমূৰা অঞ্চলত দিনতে বাহিৰলৈ ওলাবলৈ ভয় কৰা হৈছে এতিয়া অঞ্চলবাসীয়ে । বিদ‍্যালয়লৈ অহা-যোৱা কৰা ছাত্ৰ-ছাত্ৰীয়ে পথত কেইবাদিনো দেখা পাইছে বাঘ । একে সময়তে কলিয়াবৰ চাহ বাগিচাৰ মাজেৰে যোৱা শিলঘাট-কামাখ্যা পথতো প্ৰায়ে ঢেকীয়াপতীয়া বাঘে বিচৰণ কৰাত পথচোৱা সাধাৰণ ৰাইজৰ বাবে যাতায়ত বন্ধ কৰি দিছিল । 

জানিব পৰা মতে এটা দুটা নহয়, বাঘৰ এটা পৰিয়ালে আশ্ৰয় লৈছে কামাখ্যা সংৰক্ষিত বনাঞ্চল আৰু হাতীমূৰা পাহাৰত(Royal Bengal Tiger at Kaliabor) । শিলঘাট-কামাখ্যা সংযোগী পথত দৈনিক পহৰা দিছে এতিয়া বনবিভাগে (Royal Bengal Tiger at Kaliabor tea garden)। কিন্তু চাহ বাগিচাবোৰত এই সময়ত পাত তোলাৰ উপযোগী হোৱাৰ বাবে বাঘৰ আতংকতে চাহ শ্ৰমিকে পাত তুলিছে কলিয়াবৰ বিভিন্ন চাহ বাগিচাত । 

লগতে পঢ়ক: Jujube cultivation in Dibrugarh : বগৰী খেতিৰে স্বাৱলম্বী টিংখাঙৰ এজন ব্যক্তি

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.