Jujube cultivation in Dibrugarh : বগৰী খেতিৰে স্বাৱলম্বী টিংখাঙৰ এজন ব্যক্তি

By

Published : Mar 11, 2023, 9:27 AM IST

thumbnail

ডিব্ৰুগড়, 11 মাৰ্চ :  উন্নত জাতৰ বগৰী খেতিৰে স্বাৱলম্বী হ’বলৈ সক্ষম হৈছে ডিব্ৰুগড় টিংখাঙৰ এজন ব্যক্তি । টিংখাঙৰ ৩ নং চহৰীকটা টেপৰগুৰি গাঁৱৰ আনন্দ সোণোৱাল নামৰ ব্যক্তিজনে বগৰী খেতিৰে নিজকে স্বাৱলম্বী কৰিবলৈ সক্ষম হৈছে ৷ সোণোৱালৰ বাৰীত এতিয়া ডাল ভৰি ভৰি লাগিছে দেশী-বিদেশী বিভিন্ন প্ৰজাতিৰ উন্নত জাতৰ বগৰী (Self sufficient in jujube cultivation in Dibrugarh) । 

উল্লেখ্য যে, আনন্দ সোণোৱালৰ প্ৰায় ৩ বিঘা কৃষিভূমিত কৰিছে এই বগৰী খেতি ৷ লহপহকৈ বগৰী লগা এই বাৰীখনলৈ নিতৌ সোঁত বৈছে ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তৰ খুচুৰা বেপাৰীৰ । প্ৰতি কেজিত ৫০-৬০ টকা পাইকাৰী দৰত বিক্ৰী কৰা হৈছে বগৰীবোৰ । একো একোজোপা গছত ৩০-৪০ কেজি উৎপাদন হোৱা বগৰী বাগিচাখনৰ জৰিয়তে সোণোৱালে নিজৰ পৰিয়াল পোহপাল দিয়াৰ লগতে অন্য ৭ জন লোককো কৰ্ম সংস্থাপন দিবলৈ সক্ষম হৈছে (Dibrugarh man self sufficient by jujube cultivation)। 

লগতে পঢ়ক : Transgender tea stall in Assam :  তৃতীয় লিংগৰ লোকে গুৱাহাটী ৰেল ষ্টেচনত আৰম্ভ কৰিলে চাহৰ বিপণী

বৰ্তমানলৈকে প্ৰায় ২০ কুইন্টল বগৰী খুচুৰা ব্যৱসায়ীক যোগান ধৰা আনন্দ সোণোৱালে চলিত বৰ্ষত তেওঁৰ বাগিচাখনত প্ৰায় ১০০ কুইন্টল বগৰী উৎপাদন হ'ব বুলি আশা ব্যক্ত কৰিছে । ইতিপূৰ্বে অসম চৰকাৰৰ তৰফৰ পৰা আদৰ্শ খেতিয়কৰ সন্মান লাভ কৰা আনন্দ সোণোৱালে কৰ্ম-সংস্থাপনৰ বাবে বহিঃৰাজ্যলৈ ঢাপলি মেলাৰ পৰিৱৰ্তে নিৱনুৱা যুৱক- যুৱতী সকলক কৃষিৰ প্ৰতি মনোনিৱেশ কৰিবলৈ আহ্বান জনাইছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.