Royal Bengal tiger menace: কলিয়াবৰত বনৰজাৰ চকু পথাৰত এৰাল দিয়া ছাগলীত

By

Published : Jan 13, 2023, 3:34 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

thumbnail

নগাঁও জিলাৰ কলিয়াবৰত দিন দুপৰতে বাঘৰ আতংক (Royal Bengal tiger menace) ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা এটা বাঘে আতংকৰ সৃষ্টি কৰে কলিয়াবৰ মহকুমাৰ কেইবাটাও স্থানত ৷ কলিয়াবৰৰ সোণাৰি-কামাখ্যা গাঁৱত দিন দুপৰতে পথাৰত এৰাল দি থোৱা ছাগলী আক্ৰমণ কৰে বাঘটোৱে (Tiger terror at Kaliabor) ৷ কিন্তু সেই স্থানত থকা লোকসকলে হৈ চৈ কৰাত বাঘটো পুনৰ পাহাৰৰ ফালে গুচি যায় ৷ 

উল্লেখ্য যে, বিগত কিছুদিন ধৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গাতে লাগি থকা কলিয়াবৰৰ জনাঞ্চলত বন্যপ্ৰাণীৰ বিচৰণ পৰিলক্ষিত হৈছে (Wild animal free roaming at Kaliabor) ৷ বনৰীয়া হাতী, ম’হ, গাহৰি আনকি বিভিন্ন সময়ত বাঘেও উপদ্ৰৱ চলাই আহিছে কলিয়াবৰত ৷ বনৰীয়া হাতীৰ বিচৰণ কলিয়াবৰৰ অধীনৰ বিভিন্ন অঞ্চলত বছৰৰ বেছিভাগ সময়তেই অব্যাহত থাকে ৷ 

Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.