Guinness Book of World Records : বঢ়মপুৰত বিহুগীত জুৰিলে বিধায়ক হিতেন্দ্ৰনাথ গোস্বামী আৰু জিতু গোস্বামীয়ে

By

Published : Apr 2, 2023, 10:52 PM IST

thumbnail

চামগুৰি, 2 এপ্ৰিল : সমাগত ৰঙৰ উৎসৱ ৰঙালী (Rongali Bihu 2023) ৷ অসমীয়াৰ প্ৰাণ বিহুক বিশ্ব দৰবাৰত চিনাকী কৰাই দিয়াৰ উদ্দেশ্যে ৰাজ্য চৰকাৰৰ ফালৰ পৰা গ্ৰহণ কৰা হৈছে বিশেষ পদক্ষেপ ৷ 14 এপ্ৰিলত 10 হাজাৰৰো অধিক বিহুৱা-নাচনীয়ে প্ৰধানমন্ত্ৰীৰ সন্মুখত পৰিৱেশন কৰিব বিহু নৃত্য (Guinness Book of World Records through Bihu) ৷

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দৰে বঢ়মপুৰতো চলি আছে বিহুৰ আখৰা ৷ বঢ়মপুৰ সমষ্টিৰ পৰা 50 গৰাকী নাচনীয়ে অংশ ল’ব এই বিহুত ৷ দেওবাৰে এই আখৰা উপভোগ কৰিবলৈ বঢ়মপুৰত উপস্থিত হয় বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী (Rongali bihu workshop at Barhampur in Nagaon) ৷ বঢ়মপুৰ সমষ্টিৰ বিধায়কগৰাকীৰ লগতে উপস্থিত থাকে যোৰহাট বিধানসভা সমষ্টিৰ বিধায়ক হিতেন্দ্ৰনাথ গোস্বামী ৷ 

এই অনুষ্ঠানতে বঢ়মপুৰ সমষ্টিৰ বিধায়কগৰাকীয়ে গুৱাহাটীলৈ অহা দিল্লী আৰু পাঞ্জাৱৰ মুখ্যমন্ত্ৰীদ্বয় সন্দৰ্ভত কেবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷ লগতে টোল টেক্স সন্দৰ্ভতো মত প্ৰকাশ কৰে বঢ়মপুৰ সমষ্টিৰ বিধায়কগৰাকীয়ে ৷

লগতে পঢ়ক : Guinness Book of World Records: বিহুৰ বিশ্বমুখী যাত্ৰাত অংশগ্ৰহণ কৰিবলৈ সাজু বৰপেটাৰ নাচনী

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.