ETV Bharat / state

Guinness Book of World Records: বিহুৰ বিশ্বমুখী যাত্ৰাত অংশগ্ৰহণ কৰিবলৈ সাজু বৰপেটাৰ নাচনী

author img

By

Published : Apr 1, 2023, 8:07 PM IST

Ranjit Das inspects bihu preparations in Barpeta
বিহুৰ বিশ্বমুখী যাত্ৰাত অংশগ্ৰহণ কৰিবলৈ সাজু বৰপেটাৰ নাচনী

ব'হাগলৈ দিনচেৰেক থকা অৱস্থাত ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে তুংগত উঠিছে ৰঙালী বিহুৰ প্ৰস্তুতি । এনেয়ে বিহু বুলিলে অসমীয়াৰ হিয়া উখল-মাখল । তাৰমাজতে এইবাৰ বিহুক বিশ্বমুখী কৰাৰ প্ৰয়াস চৰকাৰৰ (Guinness Book of World Records through Bihu) । বিহুক বিশ্বমুখী কৰাৰ প্ৰচেস্তাত অংশগ্ৰহণ কৰিবলৈ সাজু হৈছে বৰপেটাৰ বিহুৱা নাচনী ।

বিহুৰ বিশ্বমুখী যাত্ৰাত অংশগ্ৰহণ কৰিবলৈ সাজু বৰপেটাৰ নাচনী

বৰপেটা, ৩১ মাৰ্চ: আদৰৰ ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী(Rangali Bihu 2023) । উখল-মাখল হৈ পৰিছে ৰাজ্যৰ উজনি-নামনি । ইফালে আকৌ অসমীয়াৰ প্ৰাণৰ বিহুক বিশ্বমুখী কৰাৰ উদ্দেশ্যৰে অহা ১৪ এপ্ৰিলত ১০ হাজাৰৰো অধিক বিহুৱা-নাচনীয়ে প্ৰধানমন্ত্ৰীৰ সন্মুখত পৰিৱেশন কৰিব বিহু নৃত্য(Guinness Book of World Records through Bihu) ৷ অসম চৰকাৰৰ উদ্যোগত অনুষ্ঠিত বিহুৰ বিশ্বমুখী যাত্ৰাৰ বাবে বৰপেটাত বিহুৱা-নাচনীসকলৰ মাজত ২৭ মাৰ্চৰ পৰা ৩১ মাৰ্চলৈ অনুষ্ঠিত হয় বিহু কৰ্মশালা ৷

বৰপেটা পৌৰসভাৰ খেল পথাৰত জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত হয় এই বিহুৱা-নাচনীৰ কৰ্মশালা(Bihu Guinness Book of World Records) ৷ জিলাখনৰ বিভিন্ন প্ৰান্তৰ ১০০ গৰাকী বিহুৱা, নাচনীয়ে এই কৰ্মশালাত অংশগ্ৰহণ কৰে । ১৪ এপ্ৰিলত সৰুসজাই ষ্টেডিয়ামত প্ৰধানমন্ত্ৰীৰ উপস্থিতিত ১০ হেজাৰৰো অধিক বিহুৱা নাচনীয়ে বিশ্ব অভিলেখৰ বাবে একলগে বিহু পৰিবেশন কৰি অসমীয়া জাতিৰ বাপতি সাহোন বিহুক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ প্ৰয়াস কৰিব ।

শনিবাৰে বৰপেটা পৌৰসভাৰ খেল পথাৰত অনুষ্ঠিত বিহুৱা-নাচনীৰ কৰ্মশালাৰ সামৰণি অনুষ্ঠানত মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ লগতে বৰপেটা জিলাৰ উপায়ুক্ত আয়ুষ গৰ্গে অংশগ্ৰহণ কৰে ৷ কৰ্মশালাৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে কয় যে মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিহুক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ লগতে বিহুৰে বিশ্ব ৰেকৰ্ড গঢ়াৰ এক প্ৰয়াস কৰিছে(Ranjit Das inspects bihu preparations in Barpeta) ৷

তেওঁৰ এই প্ৰয়াস সফল কৰিবলৈ প্ৰতিখন জিলাৰ সমষ্টিয়ে সমষ্টিয়ে বিহুৰ কৰ্মশালা অনুষ্ঠিত কৰা হৈছে । বৰপেটা জিলাৰ বিভিন্ন প্ৰান্তৰ ১০০ গৰাকী বিহু নাচনীৰ বিহু প্ৰদৰ্শন প্ৰত্যক্ষ কৰি মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে অভিভূত হোৱা বুলি মন্তব্য কৰে । বৰপেটাৰ বিহু কৰ্মশালত উপস্থিত হৈ নিজকে উজনি অসমত থকা যেন অনুভৱ কৰা বুলিও তেখেতে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে ৷

আনহাতে গামোচা বিতৰ্ক সন্দৰ্ভত মন্ত্ৰী গৰাকীয়ে মন্তব্য কৰি কয় যে, গামোচা বিতৰ্ক আগতেও আছিল ৷ পূৰ্বতে কিছুমান অঞ্চলত এফালে ৰঙা ফুল আৰু আনফালে সেউজীয়া ফুল ৰচি গামোচাক বিতৰ্কৰ মাজলৈ অনা হৈছিল বুলি উল্লেখ কৰি মন্ত্ৰী গৰাকীয়ে কয় যে মঞ্চত এবাৰ তেওঁক তেনে গামোচাৰে সম্বৰ্ধনা জনাবলৈ লওতে সেই গামোচা তেওঁ গ্ৰহণ কৰা নাছিল আৰু ভৱিষ্যতে সম্বৰ্ধনা জনোৱাৰ বাবে এইধৰণৰ গামোচা ব্যৱহাৰ নকৰিবলৈ তেওঁ সকলোকে আহ্বান জনাইছিল ৷ তেওঁ কয় যে , অসমীয়া মহিলা জন্মগতভাৱে শিপিনী ৷ অসমীয়া শিপিনীয়ে বোৱা গামোচা ব্যৱহাৰ কৰিবলৈও জাতীয় অনুষ্ঠান প্ৰতিষ্ঠানৰ প্ৰতি আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক: Integrated B Ed course: 2024 বৰ্ষৰ পৰা হেম বৰুৱা মহাবিদ্যালয়ত ইন্টিগ্রেটেড বি এড পাঠ্যক্রম আৰম্ভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.