ETV Bharat / state

Integrated B Ed course: 2024 বৰ্ষৰ পৰা হেম বৰুৱা মহাবিদ্যালয়ত ইন্টিগ্রেটেড বি এড পাঠ্যক্রম আৰম্ভ

author img

By

Published : Apr 1, 2023, 2:21 PM IST

আগন্তুক শৈক্ষিক বৰ্ষৰ পৰা ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ত আৰম্ভ হ’ব ইন্টিগ্ৰেটেড বি এড পাঠ্যক্ৰম ৷ উৎফুল্লিত শোণিতপুৰৰ শৈক্ষিক সমাজ (Integrated B Ed course will be started at Hem Barua College) ৷

Integrated B Ed course at Tyagbir Hem Baruah College
ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়

তেজপুৰ, ১ এপ্ৰিল : শোণিতপুৰ জিলাৰ অগ্ৰণী শিক্ষানুষ্ঠান ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ক ৰাষ্ট্ৰীয় শিক্ষক শিক্ষা পৰিষদয়ে ইন্টিগ্ৰেটেড বি এড পাঠ্যক্ৰম আৰম্ভ কৰিবলৈ প্ৰদান কৰিছে সেউজ সংকেত ৷ মহাবিদ্যালয়খনিৰ অধ্যক্ষ ড০ অজিত হাজৰিকাই জানিবলৈ দিয়ে এই কথা । নিৰ্ধাৰিত সকলো নীতি নিয়ম সম্পূৰ্ণ কৰাৰ পিছত জামুগুৰিহাটৰ এইখন মহাবিদ্যালয়ে এই অনুমতি লাভ কৰিছে (National Council for Teacher Education)।

উল্লেখ্য যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনস্থ মহাবিদ্যালয়সমূহৰ ভিতৰত নদুৱাৰ অঞ্চলৰ উচ্চশিক্ষাভিলাসী ৰাইজৰ সৰ্বতো প্ৰকাৰৰ সহায় সহযোগৰে ১৯৬৩ চনত গঢ় লৈ উঠিছিল ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয় আৰু সম্প্ৰতি ইন্টিগ্রেটেড বি এড পাঠ্যক্ৰম আৰম্ভ কৰাৰ অনুমতি লাভ কৰা একমাত্ৰ শিক্ষানুষ্ঠান হিচাবে পৰিগণিত হৈছে । ৰাষ্ট্ৰীয় শিক্ষক শিক্ষা পৰিষদৰ কাৰ্যালয়ে মহাবিদ্যালয়খনলৈ ই- মেইলযোগে এই অনুমতি প্রদান কৰে । অধ্যক্ষ গৰাকীয়ে এই পাঠ্যক্রম চাৰি বছৰীয়া হ’ব আৰু প্ৰতিটো শৈক্ষিক বৰ্ষতে এশ গৰাকীকৈ ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্তি কৰিব পাৰিব বুলি জানিবলৈ দিয়ে (Integrated BEd course will be started at Hem Barua College)।

ইয়াৰে কলা আৰু বিজ্ঞান শাখাত পঞ্চাশ গৰাকীকৈ ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ ব্যৱস্থা থাকিব বুলি অধ্যক্ষ ড০ অজিত হাজৰিকাই জানিবলৈ দিয়ে । উল্লেখ কৰা প্ৰয়োজন যে, ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা অনলাইনযোগে লাভ কৰা নামভৰ্তিৰ আবেদনৰ ভিত্তিত এক পৰীক্ষাৰ জৰিয়তে এই পাঠ্যক্ৰমৰ বাবে প্রযোজনীয় উভয় শাখাৰ ভিতৰত নিৰ্বাচক মণ্ডলীয়ে এশ গৰাকী ছাত্ৰ-ছাত্ৰী নিৰ্বাচন কৰিব ৷ চাৰিবছৰীয়া এই পাঠ্যক্রম সফলতাৰে উত্তীৰ্ণ হোৱাসকলে বি এ, বি এড অথবা বি এচ চি, বি এড ডিগ্রী লাভ কৰিব (Tyagbir Hem Baruah College in Jamugurihat) ৷

ইন্টিগ্ৰেটেড বি এড পাঠ্যক্ৰম আৰম্ভ হ’ব বুলি অৱগত হোৱাৰ পিছতে শিক্ষানুষ্ঠান কৰ্তৃপক্ষই প্ৰয়োজনীয় পাঠ্যক্ৰম যুগুতকৰণৰ কামত ব্যস্ত হৈ পৰিছে বুলি জানিবলৈ পোৱা গৈছে ৷ আগন্তুক শৈক্ষিক বৰ্ষৰ পৰা এই ইন্টিগ্ৰেটেড বি এড পাঠ্যক্রম জামুগুৰিহাটৰ একমাত্ৰ উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ত উপলব্ধ হোৱাৰ বিষয়টোৱে শৈক্ষিক ক্ষেত্ৰৰ সৈতে জড়িত লোকসকলৰ মাজত বিশেষ চৰ্চা লাভ কৰিছে (Integrated B Ed course at Tyagbir Hem Baruah College)।

লগতে পঢ়ক : Nimati Afolamukh Ropex service: পুনৰ সলনি হ’ল অফলামুখ ফেৰী ঘাট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.