Nimati Afolamukh Ropex service: পুনৰ সলনি হ’ল অফলামুখ ফেৰী ঘাট

By

Published : Apr 1, 2023, 12:21 PM IST

thumbnail

মাজুলী, 1 এপ্ৰিল : ব্ৰহ্মপুত্ৰ নদীৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছিল অফলামুখ পাৰাঘাটৰ তিনিটাকৈ ৰেম্প । যোৱা কেইবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত বৃদ্ধি পাইছিল ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ । ৰেম্প ডুব যোৱাত বন্ধ হৈছিল অফলামুখ নিমাতী ঘাটৰ মাজত চলাচল কৰা ফেৰী সেৱা । ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ শুকুৰবাৰে হ্ৰাস পোৱাত কালি পুৰণি ঘাটৰ পৰা ফেৰীসমূহ চলাচল কৰিছিল যদিও বন্ধ আছিল ৰ’পেক্স ফেৰী সেৱা (Nimati Afolamukh ferry service resumes) । 

ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ হ্ৰাস পোৱাত পুনৰ ফেৰীসমূহ পূৰ্বৰ স্থানৰ পৰা চলাচল কৰা আৰম্ভ হৈছে । আজিৰে পৰা ৰ’পেক্স সেৱা আৰম্ভ হৈছিল যদিও পুনৰ বেয়া বতৰৰ বাবে বন্ধ হ’ব পাৰে ৰ’পেক্স ফেৰী । বৰ্তমানেও সুচল হোৱা নাই ৰেম্পসমূহ । ৰ’পেক্স ফেৰী ৰাখিবৰ বাবে অসুবিধা হৈছে ৰেম্পত । যাৰ বাবে ৰ’পেক্স ফেৰী বন্ধ হ’ব পাৰে বুলি সংশ্লিষ্ট কৰ্তৃপক্ষই জানিবলৈ দিয়ে (Ropex ferry may be closed) । 

উল্লেখ্য যে, ফেৰিত গাড়ী আৰু বাইক তুলিবলৈ অসুবিধাৰ সন্মুখীন হৈছে আৰোহীসকল, যাৰ বাবে বিমোৰত পৰিছে আভ্যন্তৰীণ জল পৰিবহণ বিভাগ (Nimati Afolamukh Ferry service closed due to heavy rain) ।

লগতে পঢ়ক : Athletics competition at Sarusajai: দুদিনীয়াকৈ সৰুসজাইত অনুষ্ঠিত এথলেটিকছ প্ৰতিযোগিতাৰ সামৰণি

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.