Rongali Bihu celebrate: কলগাছিয়াত ৰঙালী বিহু উৎসৱ উদযাপন

By

Published : May 13, 2023, 6:03 PM IST

thumbnail

কলগাছিয়া,১৩ মে': কলগাছিয়াস্থিত ৰূপসী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া নৱৰত্ন পাটোৱাৰীৰ প্ৰচেষ্টাত শনিবাৰে দিনজোৰা বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচীৰে কলগাছিয়াত উদযাপন কৰে ৰঙালী বিহু উৎসৱ । এই উপলক্ষে পুৱাতে বন্তি প্ৰজ্বলন কৰে স্থানীয় চক্ৰ বিষয়া সোণবৰ চুতীয়াই । পতাকা উত্তোলন কৰে ৰূপসী আঞ্চলিক পঞ্চায়তৰ সভাপতি জাকিৰ হুছেইনে (Rongali Bihu festival celebrate in Kalgachia) ।  

ইয়াৰ পিচত উন্নয়ন খণ্ডৰ এলেকাধীন তিনিগৰাকী বৰ্ষীয়ান ব্যক্তি ক্ৰমে ছমিৰণ নেছা, মুক্তিযোদ্ধা ৰামকুমাৰ দাস আৰু মজিবৰ ৰহমানক বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰা হয় । উক্ত অনুষ্ঠানতে ভ্ৰাম্যমাণ জগতৰ বিশিষ্ট অভিনেতা তথা আবৃত্তিকাৰ নিৰ্মল দত্তক বিশিষ্ট অতিথি হিচাবে সম্বৰ্ধনা জ্ঞাপন কৰা হয় (Rongali Bihu celebrate) ।  

জেং বিহু, ভোৰতাল নৃত্য, পাপেট থিয়েটাৰ আৰু বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠানৰ লগতে এখন স্মৰণিকা গ্ৰন্থ প্ৰকাশ কৰে কলগাছিয়াৰ ৰঙালী বিহু আয়োজক সমিতিয়ে । এই কাৰ্যসূচীৰ বাবে কলগাছিয়াবাসীক শলাগ লয় বিশিষ্ট অভিনেতা নিৰ্মল দত্তই । 

লগতে পঢ়ক: Karnataka Election Polls : বিজেপি জিকিয়ে থাকে, কংগ্ৰেছে ইয়াৰ মাজতে এবাৰ জিকিছে; মুখ্যমন্ত্ৰী

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.