Karnataka Election Polls : বিজেপি জিকিয়ে থাকে, কংগ্ৰেছে ইয়াৰ মাজতে এবাৰ জিকিছে; মুখ্যমন্ত্ৰী

By

Published : May 13, 2023, 5:32 PM IST

thumbnail

তেজপুৰ, 13 মে’ : "নিৰ্বাচনত জিকা হৰা থাকেই, কেইদিনমান আগতে বিজেপিয়ে তিনিখনকৈ ৰাজ্যত জয়লাভ কৰিছে (Karnataka Election Polls) ৷ বিজেপি জিকিয়ে থাকে, কংগ্ৰেছে ইয়াৰ মাজতে এবাৰ জিকিছে ৷ কৰ্ণাটকত কংগ্ৰেছে চৰকাৰ গঠন কৰাটো কোনো নতুন কথা নহয় ৷  ২০১৯ ৰ লোকসভা নিৰ্বাচনৰ আগত আৰু পিচত কৰ্ণাটকত কংগ্ৰেছৰ চৰকাৰেই আছিল (Karnataka Election Polls update) ৷’’ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ 

লগতে তেওঁ কয়, ‘‘নিৰ্বাচনী প্ৰচাৰ চলাই থকাৰ সময়তেই আমি অনুমান কৰিব পাৰিছিলো যে কৰ্ণাটকত কংগ্ৰেছ চৰকাৰৰ অগ্ৰগতি লাভ কৰাৰ সম্ভাৱনা আছে ৷ পানীত থকা লোকে যেতিয়া কোনো মেচিন জাহাজ বা অন্য উপায় নাপায় তেতিয়া কলৰ ভুৰকেই বহুত বুলি ভাবে, গতিকে তেওঁলোকে ভবাটো স্বাভাৱিক ৷ প্ৰত্যেক লোকসভা নিৰ্বাচনৰ পূৰ্বে কৰ্ণাটক বিধানসভা নিৰ্বাচনত কংগ্ৰেছে জয়লাভ কৰে ৷ ২০১৪ চনৰ লোকসভা নিৰ্বাচনত মোডীয়ে চৰকাৰ গঠনৰ সময়ত কৰ্ণাটকত কংগ্ৰেছে চৰকাৰ গঠন কৰিছিল ।" কৰ্ণাটক বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ অগ্ৰগতিৰ পিচতে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য প্ৰকাশ কৰে (Assam CM commented on Karnataka Election Polls) ৷ 

লগতে পঢ়ক: Karnataka Election 2023 : কৰ্ণাটক কংগ্ৰেছৰ সভাপতিৰ এক লাখ ভোটৰ ব্যৱধানত জয়

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.