Titabor Road Accident: তিতাবৰত গৰুৰ বাবেই ভয়ংকৰ পথ দুৰ্ঘটনা

By ETV Bharat Assamese Team

Published : Sep 5, 2023, 12:08 PM IST

thumbnail

যোৰহাট, 5 ছেপ্টেম্বৰ: গৰাকীবিহীন গৰুৰ বাবে যোৰহাট জিলা অন্তৰ্গত তিতাবৰত নিতৌ সংঘটিত হ'বলৈ ধৰিছে এটা পিচত আন এটা পথ দুৰ্ঘটনা । সোমবাৰে নিশা তিতাবৰৰ বোকাহোলাত গৰুৰ বাবে ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ ফলত বৌদ্ধ ৰাজকুমাৰ ৰায় নামৰ এজন লোক গুৰুত্বভাৱে আহত হয় ৷ 

দুৰ্ঘটনাত গুৰুতৰভাৱে আহত লোকজনৰ ঘৰ ৰঙাজানত বুলি জানিব পৰা গৈছে । ৰঙাজান দিশৰ পৰা স্কুটিৰে আহি থকা অৱস্থাত গৰুক খুন্দা মৰা ফলত সংঘটিত হয় এই দুৰ্ঘটনা । লোকজনক অতি সংকটজনক অৱস্থাত যোৰহাট চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷  

উল্লেখ্য যে নিশা তিতাবৰৰ ৰাজপথত গৰাকীবিহীন গৰুৰ বাবে প্ৰতিদিনে সংঘটিত হৈ আহিছে পথ দুৰ্ঘটনা । গৰাকীবিহীন গৰুসমূহ ৰাজপথৰ পৰা খেদি পঠিয়াবলৈ পৌৰসভা অথবা তিতাবৰ প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ৷ আনহাতে গৰুসমূহ নিয়ন্ত্ৰণৰ বাবে ৰাইজে ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাৰম্বাৰ পৌৰসভাক আহ্বান জনাই আহিছে যদিও কোনো গুৰুত্ব নাই তিতাবৰ পৌৰসভাৰ ৷

লগতে পঢ়ক:students mysterious death update: 6 এপ্ৰিলৰ নিশা প্ৰকৃততে কি হৈছিল যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ৫ নং ছাত্রাৱাসত?

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.