ETV Bharat / state

students mysterious death update: 6 এপ্ৰিলৰ নিশা প্ৰকৃততে কি হৈছিল যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ৫ নং ছাত্রাৱাসত?

author img

By ETV Bharat Assamese Team

Published : Sep 4, 2023, 9:02 PM IST

যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ত ছাত্ৰৰ ৰহস্যজনক মৃত্যুৰ ঘটনাই ক্ৰমান্বয়ে ঘন ৰহস্যৰ সৃষ্টি কৰিছে ৷ 24 আগষ্টত যোৰহাট মেডিকেল কলেজ ও হাস্পতালৰ পৰা লাভ কৰা ফ'ৰেনচিক প্ৰতিবেদনত স্পষ্টকৈ উল্লেখ আছে ছাত্ৰজনৰ মূৰত থকা আঘাতৰ চিনৰ কথা।

students mysterious death update
6 এপ্ৰিলৰ নিশা প্ৰকৃততে কি হৈছিল যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ৫ নং ছাত্রাৱাসত?

যোৰহাট , 4 ছেপ্টেম্বৰ : প্ৰায় 5 মাহৰ মূৰত এটা মৰণোত্তৰ প্ৰতিবেদনে লগাইছে হুৱা দুৱা ৷ মৰণোত্তৰ প্ৰতিবেদনে উন্মোচিত কৰিছে যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ত সংঘটিত হোৱা অকথিত কাহিনী। যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয় ভিতচৰাত সংঘটিত হোৱা বিভিন্ন ঘটনা প্ৰৱাহ সন্দৰ্ভত উন্মোচিত হৈছে বহু ভয়ংকৰ তথ্যৰ অভিযোগ।এজন ছাত্ৰৰ মৃত্যুৰ ফৰেনচিক প্ৰতিবেদনত উন্মোচিত হৈছে এই ভয়ংকৰ তথ্য।

উল্লেখ্য যে, যোৱা 6 এপ্ৰিলৰ নিশা যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰাবাসত ৰহস্যজনকভাৱে মৃত্যু হৈছিল শ্বাহ নিহাজুল নিহাজ নামৰ এজন ছাত্ৰৰ । এই ঘটনাৰ পিচতেই সহপাঠীৰ লগতে কলেজ কৰ্তৃপক্ষই এইয়া এক সাধাৰণ মৃত্যু বুলি কৈছিল ।

কিন্তু মৃত ছাত্ৰজনৰ পৰিয়ালে যোৱা 24 আগষ্টত যোৰহাট মেডিকেল কলেজ ও হাস্পতালৰ পৰা লাভ কৰা ফ'ৰেনচিক প্ৰতিবেদনত স্পষ্টকৈ উল্লেখ আছে ছাত্ৰজনৰ মূৰত থকা আঘাতৰ চিনৰ কথা। আনকি ছাত্ৰজনৰ শৰীৰৰ আন আন ঠাইতো আছে আঘাতৰ চিন। পৰিয়ালৰ মতে ই এক হত্যাকাণ্ড।

ইয়াৰে পিচতে পৰিয়ালৰ লোকে সোমবাৰে যোৰহাটৰ গড়মূৰ আৰক্ষী চকীত ঘটনা সন্দৰ্ভচ এখন এজাহাৰ দাখিল কৰিছে ৷ গুৱাহাটীৰ মিৰ্জাত ঘৰ আছিল মৃত ছাত্ৰজনৰ ৷ এপ্ৰিল মাহ 6 তাৰিখে যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ 5 নং ছাত্ৰাবাসৰ 506 নম্বৰ কোঠাত পুৱাই ছাত্ৰজনৰ মৃতদেহ উদ্ধাৰ হৈছিল । 2019 বৰ্ষৰ এটা পৰীক্ষাত উত্তীৰ্ণ হ'ব পৰা নাছিল ছাত্ৰজন আৰু সেয়েহে তেওঁ পৰীক্ষা দিবলৈ গৈ 5 নং ছাত্রাৱাসৰ আৱাসী হৈ আছিল ছাত্ৰজন । সেই কোঠাতে ছাত্ৰজনৰ মৃতদেহ উদ্ধাৰ হৈছিল।

সেই সময়তে ছাত্রজনৰ মৃত্যুৰ সমগ্ৰ ঘটনা গাপ দিয়াৰ চেষ্টা চলোৱাৰ অভিযোগ উঠিছিল অভিযান্ত্ৰিক মহাবিদ্যালয় কৰ্তৃপক্ষ আৰু ছাত্রাবাসৰ ৱাৰ্ডেনৰ বিৰুদ্ধে ।

লগতে পঢ়ক: Amguri Murder: পিতা পুত্ৰই মিলি হত্যা কৰিলে সহকৰ্মীক !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.