নগাঁৱৰ ননৈ উৰণ সেতুত ওলমিল যাত্ৰীবাহী ইন’ভা বাহন

By ETV Bharat Assamese Team

Published : Dec 12, 2023, 1:21 PM IST

thumbnail

নগাঁও, 12 ডিচেম্বৰ : নগাঁও জিলাৰ ননৈৰ অৰ্জুনতলত মঙলবাৰে এক শিহৰণকাৰী পথ দুৰ্ঘটনা সংঘটিত হৈছে । পথৰ ডিভাইডাৰত খুন্দিয়ালে এখন যাত্ৰীবাহী ইন’ভা বাহনে। ডিভাইডাৰত খুন্দিয়াই নিয়ন্ত্ৰণ হেৰুৱাই উৰণ সেতুত ওলমি ৰয় যাত্ৰীবাহী ব্যক্তিগত বাহনখন। এই দুৰ্ঘটনাত ৭ গৰাকী যাত্ৰী আহত হয় বুলি জানিব পৰা গৈছে । 

লগে লগে স্থানীয় লোক ঘটনাস্থলীত উপস্থিত হৈ 7 জনকে নগাঁও ভোগেশ্বৰী ফুকননী চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ইয়াৰে তিনিজনক সংকটজনক অৱস্থা আছে বুলি জানিব পৰা গৈছে ৷ সংকটজনক অৱস্থাত থকা তিনিগৰাকী হ’ল আব্দুল ৰহিম, আকিল আলী আৰু কুচৰ আলম ৷ আন চাৰিগৰাকী আহত যাত্ৰী সম্প্ৰতি সুস্থ অৱস্থাত আছে ৷

আহত যাত্ৰীসকলে কোৱা অনুসৰি, মোৰাঝাৰৰ পৰা যোৰহাট অভিমুখে গৈ আছিল বাহনখন।

লগতে পঢ়ক: ক’ত হেৰাল লংকে ? তিনিদিন ধৰি অব্যাহত উদ্ধাৰ অভিযান

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.