মহানগৰীৰ খানাপাৰাত উদণ্ড যুৱকৰ ত্ৰাস : দুৰ্ঘটনাত আহত এজন

By ETV Bharat Assamese Team

Published : Dec 24, 2023, 5:15 PM IST

thumbnail

গুৱাহাটী, 24 ডিচেম্বৰ : মহানগৰীৰ খানাপাৰাত শনিবাৰে নিশা সংঘটিত হয় এক পথ দুৰ্ঘটনা ৷ নিয়ন্ত্ৰণ হেৰুৱাই এখন চাৰিচকীয়া বাহনে ডিভাইডাৰৰ ওপৰেদি খুন্দা মাৰিলে লাইটৰ খুঁটাত ৷ ফলত গুৰুতৰভাৱে আহত হয় বাহনখনৰ চালকজন ৷

লগে লগে স্থানীয় লোকৰ সহযোগত চালকজনক প্ৰেৰণ কৰা হয় চিকিৎসালয়লৈ ৷ খানাপাৰাৰ ষ্টাফ কলেজৰ সন্মুখত সংঘটিত হয় এই দুৰ্ঘটনাটো ৷ দুৰ্ঘটনা সংঘটিত হোৱা বাহন খনৰ নম্বৰ AS 01 AV 0535 ৷

জানিব পৰা মতে এজন ষ্টাণ্ট কৰি যোৱা বাইকাৰক বচাবলৈ যোৱাৰ ফলতে বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাত সংঘটিত হয় এই দুৰ্ঘটনাটো ৷ স্থানীয় লোকৰ অভিযোগ- আন্ধাৰ হোৱাৰ লগে লগেই খানাপাৰাৰ এই অঞ্চলত সন্ত্ৰাসৰ সৃষ্টি কৰে একাংশ যুৱকে ৷ ইয়াৰ পূৰ্বেও এই স্থানত সংঘটিত হৈছে বিভিন্ন অপৰাধজনিত ঘটনা ৷  

লগতে পঢ়ক : সোণাৰিত চলন্ত বাহনত অগ্নিকাণ্ড, কথমপি প্ৰাণৰক্ষা চালকৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.