সোণাৰিত চলন্ত বাহনত অগ্নিকাণ্ড, কথমপি প্ৰাণৰক্ষা চালকৰ

By ETV Bharat Assamese Team

Published : Dec 24, 2023, 2:29 PM IST

thumbnail

চৰাইদেউ,২৪ ডিচেম্বৰ : চৰাইদেউ জিলাৰ সোণাৰিত অগ্নিকাণ্ড । শনিবাৰে মাজনিশা ৰাজপথতে দাউদাউকৈ জ্বলি উঠিল এখন টাটা নেন' বাহন । চিকিৎসালয়ৰ পৰা উভতি আহি থকাৰ পথত জ্বলি উঠে বাহনখন । বাহনখনৰ চালকৰ কথমপি প্ৰাণৰক্ষা পৰে যদিও সম্পূৰ্ণৰূপে ভষ্মীভূত হয় বাহনখন ।  

জানিবপৰামতে, AS-03H-6079 নম্বৰৰ টাটা নেন'খনত চফ্ৰাই ৰঙাপথাৰৰ পৰা চিকিৎসাজনিত কাৰণত ৰজাপুখুৰীস্থিত জিলা অসামৰিক চিকিৎসালয়লৈ চালক শুভাশি মাহান্তিয়ে লৈ আহিছিল । পাছত চিকিৎসালয়ৰ পৰা বাসগৃহ অভিমুখে গৈ থকা অৱস্থাতে নিশা প্ৰায় বাৰ বজাত বানফেৰাৰ সমীপত যান্ত্ৰিক বিজুতিৰ বাবে দপদপকৈ জ্বলি উঠে বাহনখন ।

অগ্নিকাণ্ডত কথমপি প্ৰাণৰক্ষা পৰে চালক শুভাশি মাহান্তিৰ । বাহনখনৰপৰা কোনো নথি-পত্ৰ উদ্ধাৰ কৰিব পৰা নগ'ল বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : অটোৰে মৰণা মৰাই কাল হ'ল কৃষকৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.