Road Accident in Kaliabor: কলিয়াবৰত ট্ৰেভেলাৰ আৰু মাৰুতি ভেনৰ মুখামুখি সংঘৰ্ষ

By

Published : Mar 14, 2023, 2:21 PM IST

thumbnail

নগাওঁ, 14 মাৰ্চ : কলিয়াবৰৰ কাঞ্চনজুৰিত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা । যোৰহাট অভিমুখী এখন ট্ৰেভেলাৰৰে মুখামুখি সংঘৰ্ষ হয় ঢেকীয়াজুলি অভিমুখী এখন মাৰুতি ভেনৰ । এই সংঘৰ্ষৰ ফলত মাৰুতি ভেনখন পথৰ মাজতে বাগৰি পৰে (Road accident at Kaliabor) ।

ট্ৰেভেলাৰখন নগাঁৱৰ পৰা আৰু মাৰুতি ভেনখন শিৱসাগৰৰ পৰা আহি আছিল বুলি স্থানীয় সূত্ৰে জানিবলৈ পৰা গৈছে ৷ দুৰ্ঘটনাগ্ৰস্ত ট্ৰভেলাৰখনৰ নম্বৰ এ ছ ০২ বি চি ৯১২৩ আৰু ভেনখনৰ নম্বৰ এ এছ ০৬ পি ০৪৫২ বুলি জানিব পৰা গৈছে । আহতসকলক বাগৰি আৰক্ষীয়ে কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে । 

প্ৰাথমিক চিকিৎসাৰ অন্তত আহত কেইগৰাকীক উন্নত চিকিৎসাৰ বাবে তেজপুৰ চিকিৎসা মহাবিদ‍্যালয়লৈ প্ৰেৰণ কৰা হয় (Tezpur medical college)।

লগতে পঢ়ক : One killed in road accident: গোলাঘাটত শোকাৱহ পথ দুৰ্ঘটনা; থিতাতে এজন নিহত

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.