ETV Bharat / state

One killed in road accident: গোলাঘাটত শোকাৱহ পথ দুৰ্ঘটনা; থিতাতে এজন নিহত

author img

By

Published : Mar 14, 2023, 11:18 AM IST

Golaghat road accident
শোকাৱহ পথ দুৰ্ঘটনাত এজন নিহত

দুখন বাহনৰ সংঘৰ্ষৰ ফলত নিশা গোলাঘাটত শোকাৱহ পথ দুৰ্ঘটনা ৷ ঘটনাস্থলীত থিতাতে নিহত এজন ব্যক্তি (One killed in road accident in Golaghat) ৷

শোকাৱহ পথ দুৰ্ঘটনাত এজন নিহত

গোলাঘাট, 14 মাৰ্চ : গোলাঘাটত শোকাৱহ পথ দুৰ্ঘটনা ৷ নিশা গোলাঘাটৰ হামদৈপুলত সংঘটিত হয় শোকাৱহ এই পথ দুৰ্ঘটনাটো । এখন চাৰিচকীয়া বাহনে এখন বাইকক খুন্দা মৰাৰ ফলতে সংঘটিত হয় শোকাৱহ দুৰ্ঘটনাটো ( Road accident in Golaghat ) ৷

এখন এল্ট’ গাড়ীৰ সামান্য খুন্দাত চলমান অৱস্থাত থকা বাইকখনে পথৰ কাষৰ এটা পুলত খুন্দা মৰাৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো ৷ সংঘৰ্ষৰ ফলত থিতাতে মৃত্যুমুখত পৰে লোক নিৰ্মাণ বিভাগৰ এগৰাকী কৰ্মচাৰী । চাৰিচকীয়া বাহন আৰু বাইকৰ সংঘৰ্ষৰ ফলত থিতাতে নিহত হোৱা পালচাৰ বাইক আৰোহীজন লোক নিৰ্মাণ বিভাগত কৰ্মৰত চন্দন বৰা বুলি জানিবলৈ পৰা গৈছে । গোলাঘাট জিলাৰ লোক নিৰ্মাণ বিভাগৰ কাৰ্যালয়ত গাড়ীচালক ৰূপে কৰ্মৰত আছিল মৃত চন্দন বৰা (One man died in Golaghat road accident) ।

কমাৰবন্ধাৰ পৰা গোলাঘাট অভিমুখে নিজৰ পালচাৰ বাইকখনেৰে ঘৰলৈ আহি থকা অৱস্থাত হামদৈ পুলৰ সমুখত মুখামুখি দিশেৰে অহা এখন এল্ট’ গাড়ীৰ কাষৰ গ্লাচত সামান্য খুন্দা খোৱাৰ পিছতে চন্দন বৰাৰ বাইকখনে পথৰ কাষত থকা এটা খুঁটাত খুন্দা মাৰে । খুঁটাটোত খুন্দা মৰাৰ ফলত গুৰুতৰভাৱে আহত হয় লোক নিৰ্মাণ বিভাগৰ কৰ্মচাৰী গৰাকী ।

দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছত ততাতৈয়াকৈ চন্দনক গোলাঘাট স্থিত শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে চন্দন বৰাক । পালচাৰ বাইকখনৰ নম্বৰ আছিল AS 05 P 1442 ৷ মৃত চন্দন বৰাৰ বয়স ২৬ বছৰ আছিল বুলি জানিব পৰা গৈছে । গোলাঘাটৰ কমাৰবন্ধাৰ নিৱাসী আছিল চন্দন বৰা ( Kushal Konwar Civil Hospital ) ।

লগতে পঢ়ক : HSLC question paper leak : প্রশ্নকাকত ফাদিল সন্দৰ্ভত ৩ জনক গ্রেপ্তাৰ কৰিলে চিআইডিয়ে

চন্দন বৰাৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ পিছতে অঞ্চল জুৰি শোকৰ ছাঁ পৰিছে (Tragic road accident in Golaghat) ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.