HSLC question paper leak : প্রশ্নকাকত ফাদিল সন্দৰ্ভত ৩ জনক গ্রেপ্তাৰ কৰিলে চিআইডিয়ে

author img

By

Published : Mar 14, 2023, 9:35 AM IST

Updated : Mar 14, 2023, 10:04 AM IST

HSLC EXAM 2023

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত 3 জনক গ্ৰেপ্তাৰ ৷ নিশাই কেইবাজনো বিষয়া-কৰ্মচাৰীক চলালে সোধ-পোছ ৷ ঘটনাৰ তদন্তৰ ভাৰ চিআইডিৰ হাতত অৰ্পণ ৷ ক্ষীপ্ৰ গতিতত চলিছে প্ৰশ্নকাকত ফাদিলৰ তদন্ত ৷ এতিয়াও বাকী বহু তথ্য পোহৰলৈ আহিবলৈ (Three arrested in connection with HSLC question paper leakage) ৷

গুৱাহাটী, 14 মাৰ্চ : অৱশেষত সোমবাৰে নিশা বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত মাৰাথান জেৰা চলোৱাৰ পিছত চি আই ডিয়ে গ্ৰেপ্তাৰ কৰে তিনিগৰাকী অভিযুক্তক ৷ গুৱাহাটীৰ কাহিলিপাৰাস্থিত ভাউৰী দেৱী ছাৰাউগী মুকবধিৰ বিদ্যালয়ৰ শিক্ষক, কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰে চি আই ডিয়ে । চি আই ডিয়ে গ্ৰেপ্তাৰ কৰা শিক্ষক, কৰ্মচাৰী ৩ জন হৈছে ভাউৰী দেৱী ছাৰাউগী মুকবধিৰ বিদ্যালয়ৰ শিক্ষয়ত্ৰী জ্যোতিৰেখা বৰগোহাঁই, শিক্ষক হেৰম্ব কুমাৰ দাস আৰু কৰ্মচাৰী বিন্দেশ্বৰ টুমুং । টুমুং বিদ্যালয়খনৰ গাড়ী চালক হিচাপে কৰ্মৰত বুলি জানিবলৈ পৰা গৈছে (3 arrested for HSLC question paper leak)।

শিক্ষক হেৰম্ব কুমাৰ দাস আৰু কৰ্মচাৰী বিন্দেশ্বৰ টুমুঙৰ স্বাস্থ্য পৰীক্ষা সম্পন্ন হোৱাৰ পিছত দুয়োকে চি আই ডি কাৰ্যালয়ত ৰখা হৈছে । আকৌ বিধিগত স্বাস্থ্য পৰীক্ষা কৰোৱাৰ পিছত মুকবধিৰ বিদ্যালয়ৰ শিক্ষয়ত্ৰী জ্যোতিৰেখা বৰগোহাঁইক পানবজাৰ মহিলা আৰক্ষী থানাত ৰখা হৈছে । মঙ্গলবাৰ অৰ্থাৎ আজি চি আই ডিয়ে তিনিওগৰাকীক আদালতত হাজিৰ কৰিব । চি আই ডিয়ে পাঁচদিনৰ বাবে তিনিওজনেক চি আই ডিৰ জিম্মাত ৰখাৰ বাবে আদালতত আবেদন জনাব বুলি‌ জানিবলৈ পৰা‌ গৈছে (CID investigating HSLC question paper leak issue)।

উল্লেখ্য যে, কাহিলিপাৰাস্থিত ভাউৰী দেৱী ছাৰাউগী মুকবধিৰ বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰৰ পৰা প্ৰশ্ন কাকতৰ এটা টোপোলা হেৰাইছিল । চি আই ডিয়ে লাভ কৰা তথ্য মতে কেন্দ্ৰটোত প্ৰশ্ন কাকতৰ ৪২ টা টোপোলাৰ এটা টোপোলা পোৱা নাছিল । ভাউৰী দেৱী ছাৰাউগী মুকবধিৰ বিদ্যালয়ৰ কেন্দ্ৰটোৰ পৰীক্ষা নিয়ন্ত্ৰণৰ দায়িত্বত আছিল জ্যোতিৰেখা বৰগোহাঁই আৰু হেৰম্ব কুমাৰ দাস । সেই প্ৰশ্ন কাকতৰ টোপোলাটো ক'ত, কেনেকৈ হেৰাল সেই সন্দৰ্ভত সোধপোছ অব্যাহত ৰাখিছে চি আই ডিয়ে । ইপিনে চি আই ডিয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞান বিষয়ৰ প্রশ্নকাকত ফাদিল সন্দৰ্ভত দিছপুৰৰ চিত্ৰ ৰয় নামৰ এজন লোকক দিছপুৰ আৰক্ষীৰ সহযোগত আটক কৰি সোধা পোছা অব্যাহত ৰাখিছে (SEBA question paper leak controversy) ।

আনহাতে, চি আই ডিক বিজ্ঞান বিষয়ৰ প্রশ্নকাকত ফাদিল সন্দৰ্ভত প্ৰথমে খবৰ দিয়া ধেমাজি জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক কবিতা ডেকাক চি আই ডিয়ে নিশাই সোধা পোছাৰ বাবে চি আই ডিৰ কাৰ্যালয়লৈ মাতি আনিছিল যদিও সোধ-পোছৰ অন্তত কবিতা ডেকাক চি আই ডিয়ে যাবলৈ দিয়ে । উল্লেখ্য যে, ১৩ মাৰ্চ সোমবাৰে অনুষ্ঠিত হ'বলগীয়া বিজ্ঞান বিষয়ৰ প্ৰশ্ন কাকত দেওবাৰেই ফাদিল হোৱাৰ বাবে মাজনিশাই ছেবাই বাতিল কৰিছিল বিজ্ঞানৰ পৰীক্ষা । ইয়াৰ পাছতেই ৰাজ্যজুৰি আৰম্ভ হৈছিল প্ৰতিক্ৰিয়াৰ সমান্তৰালভাৱে পুৱাৰে পৰা প্ৰতিবাদত উত্তাল হৈ পৰিছিল ৰাজ্য (Protest against SEBA) ।

লগতে পঢ়ক : HSLC question paper leaked: অসমীয়া ভাষা শেষ কৰাৰ পৰিলল্পনা কৰিছে চৰকাৰে: ড৹ হীৰেন গোহাঁই

এনে প্ৰতিবাদ অব্যাহত থকাৰ সময়তে প্ৰশ্ন কাকত ফাদিল সন্দৰ্ভত ছেবাৰ পৰীক্ষা নিয়ন্ত্ৰকগৰাকীয়ে অসম আৰক্ষীৰ ওচৰত এক গোচৰ দাখিল কৰিছিল যদিও সেই গোচৰ ইতিমধ্যে চি আই ডিলৈ হস্তান্তৰ কৰা হৈছে । চি আই ডিত ৰুজু হোৱা ৩/২৩ নম্বৰ গোচৰটোৰ ভিত্তিতে আৰম্ভ হৈছে চিআইডিয়ে আৰম্ভ কৰিছে তদন্ত । চি আই ডিয়ে ছেবাৰ মুখ্য পৰীক্ষা নিয়ন্ত্ৰক জিমলি কাকতি শইকীয়া আৰু পৰীক্ষা নিয়ন্ত্ৰক নয়ন জ্যোতি শৰ্মাক নিশাই তলব কৰি দুয়োজনকে চি আই ডিয়ে সোধ-পোছৰ অন্তত যাবলৈ দিছে (Protest against question paper leak)

Last Updated :Mar 14, 2023, 10:04 AM IST

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.