Road accident: বৰাগাঁও উৰণ সেতুত পথৰ কাম কৰি থকা বাহনক খুন্দা মাৰিলে অ’টৱে

By ETV Bharat Assamese Team

Published : Sep 26, 2023, 11:03 PM IST

thumbnail

গুৱাহাটী,২৬ ছেপ্টেম্বৰ: মহানগৰীৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত থকা বৰাগাঁও উৰণ সেতুত মঙলবাৰে সংঘটিত হয় এক শোকাবহ পথ দুৰ্ঘটনা । লখৰাৰ পৰা জালুকবাৰী অভিমুখী পথচোৱাত একে দিশত গৈ থকা AS 01 BC 6723 নম্বৰৰ এখন অ’টৱে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাম কৰি থকা এখন বাহনত খুন্দা মাৰে ।

এই দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় অ’টখনৰ চালকসহ এজন আৰোহী । স্থানীয় লোকে লগে লগে চালকসহ আৰোহীজনক সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে ৷

উল্লেখ্য যে, বৰাগাঁৱত কৃত্ৰিম বানপানী আৰু তীব্ৰ যান-জঁটৰ পৰা জনসাধাৰণক কিছু সকাহ দিয়াৰ বাবে বৰাগাঁওত পকী দলঙখন মুকলি কৰি দিয়া হৈছিল । দলঙখন মুকলি কৰাৰ পাচত মঙলবাৰে সংঘটিত হয় প্ৰথমটো পথ দুৰ্ঘটনা ।

লগতে পঢ়ক: Horrific road accident: পুৱতি নিশা শোকাৱহ পথ দুৰ্ঘটনাত অতিকমেও 11 গৰাকী বাছ যাত্ৰীৰ মৃত্যু

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.