ETV Bharat / bharat

Horrific road accident: পুৱতি নিশা শোকাৱহ পথ দুৰ্ঘটনাত অতিকমেও 11 গৰাকী বাছ যাত্ৰীৰ মৃত্যু

author img

By ETV Bharat Assamese Team

Published : Sep 13, 2023, 8:41 AM IST

এক শোকাৱহ পথ দুৰ্ঘটনাত বুধবাৰে পুৱতি নিশা 11 গৰাকী লোকে মৃত্যুক সাৱতি লোৱাৰ বিপৰীতে চিকিৎসাধীন হৈ আছে 12 গৰাকী আহত যাত্ৰী ৷

Horrific road accident
Jaipur Agra National Highway in Rajasthan

নিউজ ডেস্ক, 13 ছেপ্টেম্বৰ: বুধবাৰে পুৱাই সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাত অতি কমেও 11 গৰাকী লোক নিহত হোৱাৰ লগতে আহত হৈছে 12 গৰাকী লোক ৷ ৰাজপথৰ দাঁতিত ৰখাই থোৱা এখন ৷যাত্ৰী ভৰ্তি বাছত পিচফালৰ পৰা খুন্দা মাৰে এখন ট্ৰেইলাৰে ৷ যাৰ ফলত এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয় ৷

ৰাজস্থানৰ জয়পুৰ-আগ্ৰা ৰাষ্ট্ৰীয় ঘাইপথনত সংঘটিত এই মৰ্মান্তিক পথ দুৰ্ঘটনাই ৰাজ্যখনত গভীৰ শোকৰ ছাঁ পেলাইছে ৷ আৰক্ষীয়ে আহতসকলক উদ্ধাৰ কৰি আৰ বি এম জিলা চিকিৎসালয়ত ভৰ্তি কৰাৰ লগতে মৃতদেহ সমূহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷

জানিব পৰা মতে গুজৰাটৰ ভাবনগৰৰ পৰা একাংশ লোক উক্ত বাছখনেৰে উত্তৰ প্ৰদেশৰ মথুৰালৈ আহিছিল ৷ কিছু ৰাজস্থানৰ ভৰতপুৰ জিলাৰ হন্তৰা গাঁৱৰ সমীপত বাছখন পথৰ দাঁতিত ৰখোৱাৰ পিচত পিচফালৰ পৰা ট্ৰেইলাৰখনে খুন্দা মাৰে ৷ ফলত 11 গৰাকীকৈ লোক থিতাতে নিহত আৰু 12 গৰাকী আহত হয় ৷ মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ৷

ভৰতপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক লখন সিঙে কয় যে, বুধবাৰে পুৱতি নিশা গুজৰাটৰ ভাবনগৰৰ একাংশ লোক এখন বাছ যোগে পুষ্কৰ দৰ্শন কৰি উত্তৰপ্ৰদেশৰ মথুৰা আৰু বৃন্দাবন দৰ্শনৰ বাবে যাত্ৰা কৰিছিল ৷ হন্তৰাৰ সমীপত বাছখনৰ টায়াৰ ফাটি যোৱাত পথৰ কাষত ৰখাই মেৰামতি কৰি থকা হৈছিল ৷ কিছু যাত্ৰী বাছখনৰ বাহিৰলৈ ওলাই আহিছিল আৰু একাংশ বাছৰ ভিতৰতে আছিল ৷

লগতে পঢ়ক: Wife kills husband: তামিলনাডুত চেপ্টিক টেংকৰ পৰা উদ্ধাৰ কংকাল, গ্ৰেপ্তাৰ পত্নী

আৰক্ষী বিষয়াগৰাকীয়ে পুনৰ কয় যে, দোকমোকালি প্ৰায় 4বজাত জয়পুৰৰ দিশে তীব্ৰ গতিত আহি থকা একন ট্ৰেইলৰে বাছখনক পিছফালৰ পৰা প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে ৷ কেৱল খুন্দা মৰাই নহয়, প্ৰায় 30 মিটাৰ দূৰলৈকে বাছখন মহতিয়াই নিয়ে ট্ৰেইলাৰখনে ৷ বাছখনৰ আশে পাশে থকা আৰু ভিতৰত থকা সকলো যাত্ৰী দুৰ্ঘটনাটোত পতিত হয় ৷ ঘটনাস্থলী হুলস্থূলীয়া পৰিবেশৰ সৃষ্টি হয় ৷

এই দুৰ্ঘটনাৰ খবৰ পোৱা মাত্ৰেই আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় ৷ সকলো আহত যাত্ৰীক এম্বুলেন্স আৰু অন্য বাহনৰ সহায়ত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷ মৃতদেহ সমূহো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয় ৷ আৰক্ষী সূত্ৰই জনোৱা মতে 11 গৰাকী যাত্ৰীৰ মৃত্যু হোৱাৰ বিপৰীতে 12 গৰাকী আহত যাত্ৰী চিকিৎসাধীন হৈ আছে ৷ নিহত সকলক অন্নু, নন্দৰাম, লল্লু, ভৰত, লাল ভাই, অম্বাবেন, কম্পুবেন, ৰামুবেন, মধুবেন, অঞ্জুবেন আৰু মধুবেন বুলি চিনাক্ত কৰা হৈছে ৷ আটায়েই গুজৰাটৰ ভাবপুৰৰ বাসিন্দা আছিল ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.