HSLC result 2023:ভৱিষ্য়তৰ লক্ষ্য স্থিৰ কৰা নাই চতুৰ্থ স্থানপ্ৰাপ্ত ৰিতুপন দাসে

By

Published : May 22, 2023, 3:56 PM IST

thumbnail

বৰপেটা, ২২ মে': আজি ঘোষণা হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল । এই ফলাফলত বৰপেটাৰ জিলাৰ সৰ্থেবাৰীলৈ সুনাম কঢ়িয়াই আনিলে ৰিতুপন দাসে । চতুৰ্থ স্থানত উজ্বলিল ৰিতুপন দাস (4th position in HSLC 2023)। ৰিতুপন সৰ্থেবাৰীৰ বঞ্চিত চৌধুৰী শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ (Shankardev Shishu Niketan of Sarthebari)। তেওঁ মুঠ ৫৯১নম্বৰ লাভ কৰিছে । ৰিতুপনৰ সাফল্যত নিকেতনখনত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে । ফটকা ফুটাই আনন্দ-উল্লাস কৰে ছাত্ৰ-ছাত্ৰীয়ে । ইপিনে,ৰিতুপনক লৈ আচাৰ্য -আচাৰ্যা, ছাত্ৰ-ছাত্ৰীসকলে সমদল উলিয়ায় (HSLC exam result 2023)।

সৰ্থেবাৰীৰ কৰ্ণধৰ দাস আৰু মিনতি দাসৰ পুত্ৰ ৰিতুপন দাসৰ সাফল্যই অঞ্চলটোলৈ কঢ়িয়াই আনিলে সুনাম । এই সাফল্যত পিতৃ-মাতৃৰ লগতে আচাৰ্য-আচাৰ্যাকলক কৃতিত্ব প্ৰদান কৰিলে ৰিতুপনে । উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ পিচতহে লক্ষ্য স্থিৰ কৰিব ৰিতুপন দাসে । ক্ৰিকেট খেলি ভাল পোৱা ৰিতুপন দাসে পৰীক্ষা বুলি কোনো চাপ ল'ব নালাগে বুলিও মন্তব্য কৰে । তেওঁ ইংৰাজী বিষয়ত কিছু দুৰ্বল হোৱা বাবে এই বিষয়টোত ঘৰুৱা শিক্ষকৰ সহায় লোৱা বুলি কয় ।

লগতে পঢ়ক:HSLC result 2023:চিকিৎসক হোৱাৰ সপোন পঞ্চম স্থানপ্ৰাপ্ত নিলোৎপল মণ্ডলৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.